ETV Bharat / state

লোকসভা নিৰ্বাচনৰ পূৰ্বে সাৰ পাইছে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী

লোকসভা নিৰ্বাচন প্ৰাকক্ষণত সমষ্টিবাসীলৈ মনত পৰিল বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী । বান প্ৰতিৰোধী মথাউৰিৰ পকী পথৰ আধাৰশিলা স্থাপন বিধায়ক ভঁৰালীৰ । নিৰ্মাণ কাৰ্যৰ প্ৰতিটো ক্ষেত্ৰত জনসাধাৰণক চকু ৰখাৰ আহ্বান বিধায়কগৰাকীৰ ৷

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 2:35 PM IST

MLA Bhabendra Nath Bharal
লোকসভা নিৰ্বাচনৰ পূৰ্বে সাৰ পাইছে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী
লোকসভা নিৰ্বাচনৰ পূৰ্বে সাৰ পাইছে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী

যোৰহাট, ২০ নৱেম্বৰ: দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে সোমবাৰে মুখ্যমন্ত্ৰী মথাউৰি পকীকৰণ আঁচনিৰ অধীনত ব্ৰহ্মপুত্ৰ মথাউৰিৰ নেঘেৰিটিঙৰ পৰা ৰঙাগড়া সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে । ২ কোটি ৫১ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ২,২০০ মিটাৰ দৈৰ্ঘ্যৰ এই মথাউৰিটোৰ জৰিয়তে তিনিটা পঞ্চায়তৰ ৰাইজৰ বাবে যাতায়তৰ সু-ব্যৱস্থা হ'ব আৰু বানপানীৰ পৰা ৰাইজক সকাহ দিব । সমষ্টিৰ আন সমূহ পথ নিৰ্মাণত তথা উন্নয়ন সমভাগী হ'বলৈ ৰাইজৰ পৰা সহায়-সহযোগিতা বিচাৰিছে বিধায়কগৰাকীয়ে ।

উক্ত কাৰ্যসূচীত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক নুৰুল চুলতান, দেৰগাঁও বিধান পৰিষদৰ কাৰ্যকৰী সভাপতি প্ৰকাশ চন্দ্ৰ বৰা, তথ্য প্ৰযুক্তি সম্পাদক মনোৰঞ্জন গগৈৰ প্ৰমুখ্যে যথেষ্ট সংখ্যক ৰাইজ উপস্থিত থাকে । উল্লেখ্য যে, সমাগত লোকসভা নিৰ্বাচনকলৈ এতিয়া বিভিন্ন ৰাজ্যনৈতিক দলৰ লগতে নেতাসকলৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে ৷ নিজৰ ভেঁটি সুদৃঢ় কৰাৰ লক্ষ্যৰে সমষ্টিবাসীলৈ মনত পৰিছে মন্ত্ৰী-বিধায়কসকলৰ, ঢাপলি মেলিছে নিজ নিজ সমষ্টিলৈ ৷ অসমৰ ১২৬টা বিধানসভাৰ সমষ্টিৰ অন্যতম এটা সমষ্টি হ'ল দেৰগাঁও বিধানসভা সমষ্টি ৷ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এই সমষ্টিটোৰ লোকসকল ৷

বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী অকৰ্মণ্যতা আৰু অৱহেলাৰ বাবে এই সমষ্টিৰ বিভিন্ন বাট-পথৰ অৱস্থা তথৈবছ হোৱাৰ লগতে বিভিন্ন সমস্যাৰে সমষ্টিবাসী ভাৰাক্ৰান্ত হৈ পৰিছে । বিধায়কজনৰ অকমৰ্ণ্যতাৰ বাবে বিভিন্ন সময়ত সমষ্টিবাসী ৰাইজে তেওঁক আৱদ্ধ কৰি জৱাবদিহি কৰাৰ লগতে সমষ্টিৰ পৰা পহুখেদা দিয়াৰ অভিযোগ আছে ৷ কিন্তু লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিবাসী ৰাইজ ওচৰলৈ ঢাপলি মেলিছে বিধায়ক ভৰালী, কাৰণ দেৰগাঁও সমষ্টিতো কলিয়াবৰ লোকসভা সমষ্টি অন্তৰ্গত আৰু কলিয়াবৰ লোকসভা সমষ্টিটো এইবাৰ বিজেপিয়ে মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদক এৰি দিয়া পূৰ্ণ সম্ভাৱনা আছে বুলি সৰ্বত্ৰে চৰ্চা চলিছে । এনে সময়তে সমষ্টিটোৰ বানপীড়িত ৰাইজক সকাহ দিয়াৰ লগতে ৰাস্তা-ঘাটৰ বিভিন্ন সমস্যাক লৈ বিধায়কগৰাকী তৎপৰ হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Development of Dergaon constituency: বিধায়কৰ বাবেই পিছ পৰি ৰৈছে দেৰগাঁও সমষ্টিৰ উন্নয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.