গোলাঘাট,3 মে’: যোৱাবেলিৰ লক ডাউনৰ সময়চোৱাত বৃহৎ লোকচানৰ মুখামুখি হৈছিল অসমৰ চাহ উদ্যোগ ৷ একেদৰেই এইবেলি আন এক সমস্যাৰ সমুখীন হৈছে ৰাজ্যৰ চাহ উদ্যোগতো ৷ বিগত প্ৰায় ডেৰমাহে খৰাং বতৰৰ বাবে সচৰাচৰ মাৰ্চ মাহত ওলোৱা তথা বজাৰত সৰ্বাধিক মূল্যত বিক্ৰী হোৱা উপযুক্ত পাতসমূহ এইবেলি পৰ্যাপ্ত পৰিমাণে উৎপাদন হোৱা নাই ৷ খৰাঙৰ প্ৰকোপত পাতৰ মানদণ্ড নিম্নগামী হোৱাৰ ফলত বজাৰ দখল কৰাত ব্যৰ্থ হৈছে ৰাজ্যৰ চাহ খেতিয়কসকল ৷ ইফালে, বৰষুণৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম হৈছে চাহ উদ্যোগৰ লগত জড়িত কলঘৰসমূহ ৷ মন কৰিবলগীয়া কথা যে, কোনো কোনো চাহ উৎপাদনকাৰী কলঘৰত প্ৰায় প্ৰত্যেক দিনাই প্ৰয়োজন হয় এক লাখ কেঁচা পাতৰ ৷ পিছে এইবেলি মাত্ৰ দুহেজাৰ চাহপাতেৰে কাম কৰিবলৈ বাধ্য হৈছে কলঘৰসমূহ ।
উল্লেখ্য যে, অসমত সৰ্বমুঠ 1200 টা কলঘৰ আছে ৷ সাম্প্ৰতিক পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে পাতৰ অভাৱত 20 এপ্ৰিলৰ পৰা বন্ধ হৈ পৰি আছে ৰাজ্যৰ প্ৰায় পঞ্চাশ শতাংশ কলঘৰ ৷
অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটৰ কলঘৰ তথা চাহ খেতিয়কসকলকো মোক্ষম আঘাত হানিছে প্ৰতিকূল বতৰে ৷ চাহ উদ্যোগপতি অথবা খেতিয়কসকলৰ মতে, এইদৰে যদি দহ-পোন্ধৰ দিন বতৰ খৰাং হৈ থাকে, তেন্তে সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিব চাহ গছসমূহ । ইয়াৰ ফলস্বৰূপে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতে চাহ উদ্যোগপতি সকলেও অৰ্থনৈতিকভাৱে কোঙা হৈ পৰাৰ আশংকাই দেখা দিছে । গোলাঘাটৰ ৰংদৈ, নাহৰবাৰী, গৰমপানী, চুমনি আদি চাহ উদ্যোগ কেঁচামালৰ অভাৱত বন্ধ হৈ পৰিছে ।
গোলাঘাটৰ বিশিষ্ট চাহ উদ্যোগপতি সঞ্জীৱ গগৈৰ মতে কৰ'ণাৰ ভয়াৱহতাৰ সময়তেই এইবাৰ চাহ খেতিয়কলৈ নামি আহিছে প্ৰকৃতিৰ এই দুৰ্যোগ । চাহ খেতিয়ক আৰু কলঘৰসমূহক এতিয়া চৰকাৰ তথা অসম টি ব’ৰ্ডৰ বিশেষ সহযোগিতাৰ প্ৰয়োজন হৈছে ।
লগতে পঢ়ক : নিৰ্বাচনী বিজয়ে প্ৰভাৱিত নকৰিব অখিলৰ জামিনত