ETV Bharat / state

গোলাঘাটত টেনিছ টুৰ্ণামেণ্টৰ সফল সামৰণি - গোলাঘাটত টেনিছ টুৰণামেণ্ট

গোলাঘাট টেনিছ ক্লাবৰ উদ্যোগত গোলাঘাট টেনিছ গ্ৰাউণ্ডত অনুষ্ঠিত গোলাঘাট অপেন অ'ল আছাম ষ্টেট আতা ৰেংকিং টেনিছ টুৰ্ণামেণ্টৰ সফল সামৰণি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে উক্ত টেনিছ প্ৰতিযোগিতাত ।

Successful conclusion of tennis tournament in Golaghat
গোলাগাটত টেনিছ টুৰণামেণ্টৰ সফল সামৰণি
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 9:19 AM IST

গোলাগাটত টেনিছ টুৰণামেণ্টৰ সফল সামৰণি

গোলাঘাট,৭ জানুৱাৰী: গোলাঘাট টেনিছ ক্লাবৰ উদ্যোগত গোলাঘাট টেনিছ গ্ৰাউণ্ডত যোৱা ৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত গোলাঘাট অপেন অ'ল আছাম ষ্টেট আতা ৰেংকিং টেনিছ টুৰ্ণামেণ্টৰ শনিবাৰে সফল সামৰণি পৰে । অসমৰ বিভিন্ন জিলাৰ প্ৰায় ১০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাৰ ১২ বছৰ অনুৰ্ধ্বৰ ল'ৰাৰ শাখাত শিৱসাগৰৰ নিবৰাজ কে হুছেইন চেম্পিয়নশ্বিপৰ খিতাপ আৰু নুমলীগড় শোধনাগাৰৰ প্ৰশান্তদীপ বৰাই ৰাণাৰ্চ আপৰ খিতাপ অৰ্জন কৰে ।

১৪ বছৰ অনুৰ্ধ্বৰ ল'ৰাৰ শাখাত শিৱসাগৰৰ চান্দগ্য টি পাঠক চূড়ান্ত বিজয়ী, গোলাঘাটৰ অভয় ভৰালী ৰাণাৰ্চ আপ, ১৪ বছৰ অনুৰ্ধ্বৰ ছোৱালীৰ শাখাত যোৰহাটৰ আৰিছা মাহিম চৌধুৰীয়ে চেম্পিয়নশ্বিপৰ খিতাপ, যোৰহাটৰ মাদিহা ফাৰহাজে ৰাণাৰ্চ আপৰ খিতাপ অৰ্জন কৰে । ১৮ বছৰ অনুৰ্ধ্বৰ ল'ৰাৰ শাখাত যোৰহাটৰ অক্লান্তজিৎ ফুকনে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান আৰু শিৱসাগৰৰ চান্দগ্য টি পাঠকে ৰাণাৰ্চ আপৰ সন্মান অৰ্জন কৰে ।

১৮ বছৰ অনুৰ্ধ্বৰ ছোৱালীৰ শাখাত গোলাঘাটৰ নাবিহা মৰিয়ম চেম্পিয়নশ্বিপৰ খিতাপ আৰু যোৰহাটৰ আৰিছা মহিম চৌধুৰী ৰাণাৰ্চ আপৰ সন্মান অৰ্জন কৰে । বিচাৰকৰ সম্ভাৱনাময় খেলুৱৈৰ বঁটা লাভ কৰে নুমলীগড় শোধনাগাৰৰ কৃষ্টি হালৈয়ে । ভাৰতীয় ষ্টেট বেংক, নুমলীগড় শোধনাগাৰ আৰু ফৰিদাবাদৰ পদ্ময়া স্পৰ্টছৰ পৃষ্টপোষকতাত আয়োজিত প্ৰতিযোগিতাখনিৰ মুখ্য পৰিচালক হিচাপে অতনু দুৱাৰা আৰু টুৰ্ণামেণ্ট ডায়ৰেক্টৰৰ দায়িত্বত থাকে সুৰঞ্জয় ভৰালী ।

সন্ধিয়া বিশিষ্ট শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী প্ৰদীপ সোনাৰে আঁতধৰা গাম্ভীৰ্যপূৰ্ণ বঁটা বিতৰণী অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ জন সম্পৰ্কৰক্ষী বিষয়া প্ৰদীপ হালৈ, গোলাঘাট টেনিছ ক্লাবৰ উপদেষ্টা পূৰ্ণানন্দ বৰুৱা, বিদ্যুৎ বৰুৱা, সম্পাদক ৰাজীৱ শৰ্মা, উপ-সভাপতি তথা গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ পুতুল শইকীয়া, জ্যেষ্ঠ সাংবাদিক ৰূপক দত্ত, দিপ্তী প্ৰসাদ বৰা আদি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিজয়ীসকলক বঁটাসমূহ প্ৰদান কৰে ।

লগতে পঢ়ক: মণিপুৰৰ ৰাজ্যিক ফুটবল লীগত অংশগ্ৰহণৰ বাবে নিবিদা মাছুল ৪ লাখ টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.