ETV Bharat / state

সৰুপথাৰত ছাত্ৰ সংগঠনৰ প্ৰতিবাদ - প্ৰতিবাদকাৰী

বিজ্ঞান মহাবিদ্যালয়খন স্থাপন কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ ৷ বিজেপি নেতা আৰু স্থানীয় বিধায়িকাৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত স্থাপন কৰিব পৰা নাই মহাবিদ্যালয়খন

সৰুপথাৰত ছাত্ৰ সংগঠনৰ প্ৰতিবাদ
author img

By

Published : Aug 30, 2019, 5:21 PM IST

সৰুপথাৰ,30 আগষ্ট : সৰুপথাৰত বিভিন্ন ছাত্ৰ সংগঠনৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট ৷ ধনশিৰি মহকুমাত বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ দাবীত এই প্ৰতিবাদ ছাত্ৰ সংগঠনৰ ৷ প্ৰতিবাদস্থলীত ছাত্ৰ সন্থাৰ কৰ্মীসকলে বিজ্ঞান মহাবিদ্যালয়খন স্থাপন কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব নিদিয়া মনোভাৱৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে | সৰুপথাৰ সমষ্টিলৈ অনুমোদিত বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ স্থান নিৰূপণৰ ক্ষেত্ৰত শাসকীয় বিজেপি নেতা আৰু স্থানীয় বিধায়িকাৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত মহাবিদ্যালয়খন স্থাপন কৰিব পৰা নাই বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে | শীঘ্ৰে মহাবিদ্যালয়খন স্থাপনৰ দাবীত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

Intro:যোৱা ২০১৭-১৮ বৰ্ষত সৰুপথাৰ সমষ্টিলৈ অনুমোদিত বিজ্ঞান মহাবিদ্যালয় স্হাপনৰ স্হান নিৰূপনৰ ক্ষেত্ৰত শাসকীয় বিজেপি নেতা আৰু স্হানীয় বিধায়িকাৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত এটি বছৰ পাৰ হৈ যোৱাৰ পাচতো মহাবিদ্যালয়খন স্হাপন কৰিব পৰা নাই |
Body:যাৰ ফল ভোগিব লগা হৈছে ধনশিৰি মহকুমাৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলে | ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ এচাম ৰাজনৈতিক নেতাৰ লৰাধেমালিত অতিষ্ঠ হৈ ধনশিৰি মহকুমাৰ বিভিন্ন ছাত্ৰ সংগঠনসমূহ প্ৰতিবাদমুখৰ হৈ পৰিছে | আজি দিনৰ ১১ বজাৰ পৰা ধনশিৰি মহকুমা ছাত্ৰ সন্হাই সৰুপথাৰ নগৰত দুঘন্টীয়া অৱস্হান ধৰ্মঘট পালন কৰি মহকুমাটোৰ যিকোনো স্হানত বিজ্ঞান মহাবিদ্যালয়খন স্হাপন কৰাৰ দাবী তোলে আৰু ইয়াৰ স্হানক লৈ যাতে বিধায়িকা ৰজলীনা তিৰ্কী আৰু শাসনাধিষ্ঠ বিজেপি নেতাৰ মাজত হৈ থকা টনা আজোৰা বন্ধ কৰিবৰ বাবে দাবী জনাই | প্ৰতিবাদস্হলীত ছাত্ৰ সন্হাৰ কৰ্মীসকলে বিজ্ঞান মহাবিদ্যালয় খন স্হাপন কৰাৰ ক্ষেত্ৰত চৰকাৰে লৈ অহা আওকনীয়া মনোভাৱৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰি চৰকাৰ বিৰোধী শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে |
Conclusion:Byte 1/2 - আছু নেতা

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.