ETV Bharat / state

মাতৃক বিচাৰি হাহাকাৰ এটি তিনিবছৰীয়া শিশুৰ... - story of a helpless child after passing mother golaghat assam etv bharat news

অভিভাৱকবিহীন গোলাঘাটৰ এটা তিনিবছৰীয়া শিশু ৷ যক্ষ্মাত আক্ৰান্ত শিশুটিৰ মাতৃৰ মৃত্যুৰ পিছত সম্প্ৰতি অকলশৰীয়া হৈ পৰা শিশুটি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ তত্বাৱধানত আছে ৷

story of a helpless child after passing mother golaghat assam etv bharat news
মাতৃক বিচাৰি হাহাকাৰ এটি তিনিবছৰীয়া শিশুৰ...
author img

By

Published : May 31, 2020, 4:39 PM IST

গোলাঘাট, 31 মে’: এটি তিনি বছৰীয়া শিশু ৷ গোলাঘাট জিলাৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে শিশুটি ৷ এই শিশুটিৰ অকথিত কাহিনীয়ে চকুলো বোৱাব আপোনাৰ ! বিগত এসপ্তাহ পূৰ্বে শিশুটিৰ মাতৃ মঙ্গলী গঞ্জুক চিকিৎসাজনিত কাৰণত ভৰ্তি কৰোৱা হৈছিল জিলাখনৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৷ উল্লেখ্য যে,যক্ষ্মা ৰোগত আক্রান্ত বোকাখাতৰ মেঠনি চাহ বাগিচাৰ বাসিন্দা মহিলাগৰাকীয়ে বিগত 30 মে’ত মৃত্যুবৰণ কৰে ।

মাতৃক বিচাৰি হাহাকাৰ এটি তিনিবছৰীয়া শিশুৰ...

ইফালে, মাতৃৰ মৃত্যুৰ পিছতে চিকিৎসালয়খনত সৃষ্টি হয় এক শোকাকুল পৰিৱেশ । উল্লেখ‍্য যে,সন্তানসহ মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত অন্তৰ্ধান হৈছিল মহিলাগৰাকীৰ সৈতে অহা অনিল গঞ্জু নামৰ লোকজন । শিশুটিয়ে প্ৰকাশ কৰা ভাষ‍্য অনুসৰি পিতৃৰ নাম দীনেশ বুলি জানিব পৰা গৈছে । ইফালে অকলশৰীয়া শিশুটিক দেখি ঘৰলৈ নিবলৈ ওলাইছে বহুজনে । সম্প্ৰতি চিকিৎসালয় কৰ্তৃপক্ষৰ তত্বাৱধানত আছে শিশুটি ৷

লগতে চাওকঃ দেৱাশীষ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীৰে উত্তাল মৰিয়নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.