গোলাঘাট, ৪ মাৰ্চ : দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শূণ্য সহনশীলতা নীতিক যেন কেৰেপ নকৰে একাংশই । গোলাঘাটৰ সৰুপথাৰত বনবিভাগৰ ছত্ৰছায়াত গঢ়লৈ উঠিছে অবৈধ কাঠফলা মিল । দুৰ্নীতিগ্ৰস্থ বনবিষয়াক মেনেজ দি একাংশ অসাধু ব্যৱসায়ীয়ে চলাই গৈছে চোৰাং কাঠৰ ব্যৱসায়ী । স্থানীয় লোকৰ অভিযোগ অনুসৰি, সৰুপথাৰৰ ১নং পদুমনি, নগাজুৰী, নাহৰণি আৰু পানজানত অবৈধ ভাৱে গঢ়ি উঠা চাৰিটা কাঠফলা মিলত বৰ্তমান দিনে-নিশাই চলিছে চোৰাং কাঠ ফলা কাৰ্য । ইয়াৰ পাচতো বিষয়টোৰ ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰিছে বন বিভাগে ।
বিষয়টো সন্দৰ্ভত সৰু পথাৰৰ খণ্ড বন বিষয়াই কয় যে, উক্ত মিল সমূহ বন্ধ কৰিবৰ বাবে তেওঁ বহুবাৰ চেষ্টা কৰিছে যদিও, তেওঁৰ অজ্ঞাতে ১নং পদুমনি, নাহৰণি, পানজান আৰু নগাজৰীত পুনৰ আৰম্ভ হৈছে মিলৰ কাম ।