ETV Bharat / state

বিশেষভাৱে সক্ষম ভাস্কৰে পেৰিচত ক’ব অভি-নীলৰ কথা - Short film by Assamese defiantly abled youth

বোকাখাতৰ এজন বিশেষভাৱে সক্ষম যুৱক। যুৱকজনৰ নাই বাক্ শক্তিৰ লগত শ্ৰৱণ শক্তিও ৷ মন আৰু মগজুত লুকাই থকা শৈল্পীক প্ৰতিভাৰ বলত যুৱকজনে লাভ কৰিছে বোকাখাতৰ পৰা পেৰিচলৈ যোৱাৰ সুবিধা । প্ৰতিভাৱান যুৱকজনে অভি-নীল হত্যাকাণ্ডৰ ভিত্তিত নিৰ্মাণ কৰি উলিওৱা চুটি ছবি MMS প্ৰদৰ্শিত হ’ব ফ্ৰান্সৰ পেৰিচত (Short film by Assamese defiantly abled youth) ৷

Short film by Assamese defiantly abled youth
বিশেষভাৱে সক্ষম ভাস্কৰে পেৰিচত ক’ব অভি-নীলৰ কথা
author img

By

Published : May 15, 2022, 5:05 PM IST

বোকাখাত, 15 মে’: দেশ জোঁকাৰি যোৱা অভি-নীল হত্যাকাণ্ডৰ পাহৰিব পৰা নাই কোনেও (Mob lynching incident at Karbi Anglong)৷ সেই অভি-নীলৰ জীৱনক লৈ নিৰ্মাণ কৰা এখন চুটি ছবি নিৰ্মাণ কৰি চৰ্চিত হৈছে এজন বিশেষভাৱে সক্ষম যুৱক (Short film on Abhi Neel case)৷ যুৱকজনে নিৰ্মাণ কৰা ছবিখন প্ৰদৰ্শিত হ'ব সুদুৰ ফ্ৰান্সৰ পেৰিচত ৷ বিশেষভাৱে সক্ষম এই যুৱকজনৰ নাম বোকাখাতৰ ভাস্কৰজ্যেতি ৰাজখোৱা ৷ অভি-নীলৰ জীৱনক লৈ নিৰ্মাণ কৰা নিৰ্মিত চুটি ছবিখনৰ নাম MMS ৷

বিশেষভাৱে সক্ষম ভাস্কৰে পেৰিচত ক’ব অভি-নীলৰ কথা

অভি-নীল হত্যাকাণ্ডৰ লগতে বহু হৃদয়স্পৰ্শী বাস্তৱ কাহিনীৰ ওপৰত চুটি ছবি নিৰ্মাণেৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা বোকাখাতৰ ভাস্কৰজ্যোতি ৰাজখোৱাই নিৰ্মাণ কৰা আন এখন চুটি ছবি MMS ইতিমধ্যে ফ্ৰান্সৰ পেৰিচত অনুষ্ঠিত হ’বলগীয়া Film Award ৰ বাবে মনোনীত হৈছে (Assamese short film in Paris)৷ চলিত বৰ্ষৰ ৩০ জুনৰ পৰা ৩ জুলাইলৈ ফ্ৰান্সৰ পেৰিচৰ ৰেইমছ চহৰত অনুষ্ঠিত হ’বলগীয়া ছবি প্ৰদৰ্শনীৰ লগতে বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিবলৈ ইতিমধ্যে আমন্ত্ৰণ লাভ কৰিছে বোকাখাতৰ উদীয়মান যুৱক তথা ছবিখনৰ নিৰ্মাতা ভাস্কৰজ্যোতি ৰাজখোৱাই ৷

চলিত বৰ্ষৰ ২৬ জুনত পেৰিচলৈ ৰাওনা হ'বলগীয়া ভাস্কৰ ৬ জুলাইত অসমলৈ উভতি আহিব ৷ উল্লেখ্য যে, বোকাখাত পৌৰসভাৰ ম’হমাইকী গাঁৱৰ ৮ নং ৱাৰ্ডৰ বাসিন্দা ভূৱন ৰাজখোৱা আৰু বিনা নাথ ৰাজখোৱাৰ দ্বিতীয় সন্তান ভাস্কৰে জন্মৰ পাছৰে পৰাই শ্ৰৱণশক্তি হেৰুৱাৰ লগতে অস্পষ্ট হৈ পৰিছিল যুৱকজনৰ বাক্ শক্তিও । ১২ বছৰ বয়সৰ পৰাই গুৱাহাটীত অধ্যয়ণৰত ভাস্কৰজ্যোতি ৰাজখোৱা বৰ্তমান গুৱাহাটীস্থিত নৰ্থ-ইষ্ট ডিগ্ৰী কলেজ ফ’ৰ হেয়াৰিং ইম্পাইৰেডৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ ।

উল্লেখ্য যে, ভাস্কৰজ্যোতি ৰাজখোৱাই ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা কেইবাখনো চুটি ছবিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে (Short film by Assamese defiantly abled youth)। উদীয়মান যুৱকজনৰ এই সাফল্যত গৌৰৱবোধ কৰিছে পিতৃ-মাতৃৰ লগতে বোকাখাতবাসীয়ে ।

লগতে পঢ়ক: মোৰ কথাই যদি পৰেশ বৰুৱাৰ মনত আঘাত কৰিছে, তেন্তে মই নিজে দুঃখিত অনুভৱ কৰিছো: মন্ত্ৰী সঞ্জয় কিষান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.