সৰুপথাৰ, 27 ফেব্ৰুৱাৰীঃ এক গোপন সূত্ৰৰ ভিত্তিত আজি সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু সৰুপথাৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে সৰুপথাৰ ৰে'ল ষ্টেচনৰ পৰা পিষ্টলসহ আটক কৰে দুজন ব্যক্তিক ৷ তথ্য অনুসৰি, উজনিমুৱা ৰঙিয়া ডিব্ৰুগড় যাত্ৰীবাহী ৰে'লত ডিমাপুৰৰ পৰা অহা আব্দুল মাণিক আৰু ইছলামুদ্দিন নামৰ দুজন লোকে এটা পইন্ট ২২ পিষ্টলসহ, সৰুপথাৰৰ ছাছা সম্বোধিত এজন ব্যক্তিক সেই মাৰণাস্ত্ৰ বিক্ৰী কৰিবলৈ নামোতেই আৰক্ষীয়ে কৰায়ত্ত কৰে ৷
লগতে পঢ়কঃ নিজ পত্নীক 300 টুকুৰা কৰি হত্যা কৰা সেনা বিষয়াগৰাকী