ETV Bharat / state

অগ্নিকাণ্ডত সৰ্বস্বান্তক ঘৰ সাজি দিলে বাৰঘৰীয়াবাসীয়ে

author img

By

Published : Feb 21, 2020, 1:06 PM IST

বিগত 7 ফেব্ৰুৱাৰীত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত গাঁৱখনৰ জয়ন্তী বৰা আৰু পুত্ৰ বকুল বৰাৰ পৰিয়ালটোৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ গৈছিল ৷ দুৰ্ভগীয়া পৰিয়ালটোক বিগত সময়ছোৱাত সহায়ৰ হাত আগবঢ়োৱা বাৰঘৰীয়াৰ ৰাইজে পৰিয়ালটোৰ বাসপোযোগী এটি গৃহ নিৰ্মাণ কৰি দিয়ে ৷ ইফালে,ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ এটা দলে জয়ন্তী বৰাৰ বাসগৃহত উপস্থিত হৈ টিনপাত আগবঢ়াই পৰিয়ালটোক কিছু সকাহ প্ৰদান কৰে ৷

Sarupatahr helping hand story
মানৱীয়তাৰ নিদৰ্শন

সৰুপথাৰ,20 ফেব্ৰুৱাৰীঃ মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱালে ধনশিৰি মহকুমাৰ অন্তৰ্গত বাৰঘৰীয়াৰ ৰাইজে ৷ উল্লেখ্য যে, বিগত 7 ফেব্ৰুৱাৰীত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত গাঁৱখনৰ জয়ন্তী বৰা আৰু পুত্ৰ বকুল বৰাৰ বাসগৃহটো সম্পূৰ্ণৰূপে জুইত জাহ গৈছিল ৷ স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় যদিও ঘৰৰ আচবাবসমূহ সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷

দুৰ্ভগীয়া পৰিয়ালক সহায়ৰ হাত

ঘটনা সন্দৰ্ভত আজিলৈকে কোনো সহায়ৰ হাত আগবঢ়োৱা নাই স্থানীয় বিধায়িকা ৰ'জলীনা তিৰ্কীয়েয়ো ৷ দুৰ্ভগীয়া পৰিয়ালটোক বিগত সময়ছোৱাত সহায়ৰ হাত আগবঢ়োৱা বাৰঘৰীয়াৰ ৰাইজে বাসপোযোগী এটি গৃহ নিৰ্মাণ কৰি দিয়ে ৷ ইফালে, ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ এটা দলে জয়ন্তী বৰাৰ বাসগৃহত উপস্থিত হৈ টিনপাত আগবঢ়াই পৰিয়ালটোক কিছু সকাহ দিয়ে ৷ লগতে স্থানীয় প্ৰতিনিধিৰ ভূমিকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে চুতীয়া ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে ৷

লগতে চাওকঃঅন্তঃসত্তা যুৱতীক এৰি পলায়ন ভণ্ড প্ৰেমিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.