ETV Bharat / state

সৰুপথাৰত মনোনয়ন দাখিল ৰ'জলীনা তিৰ্কী,বিশ্বজিত ফুকনৰ

author img

By

Published : Mar 9, 2021, 8:15 AM IST

৯৪ নং সৰুপথাৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কী আৰু বিজেপিৰ বিশ্বজিত ফুকনৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সৰুপথাৰৰ যুৱ ব্যৱসায়ী গোপাল গগৈয়ে পৃথকে পৃথকে নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷

as_glt_rojlina-tirki-biswajit-phukan-submit-nomination-at-sarupathar_vis_as10024
সৰুপথাৰত মনোনয়ন দাখিল ৰ'জলীনা তিৰ্কী,বিশ্বজিত ফুকনৰ

গোলাঘাট, 9 মাৰ্চ: সোমবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে দাখিল কৰে মনোনয়ন ৷ ৯৪ নং সৰুপথাৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কী আৰু বিজেপিৰ বিশ্বজিত ফুকনৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সৰুপথাৰৰ যুৱ ব্যৱসায়ী গোপাল গগৈয়ে পৃথকে পৃথকে নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷ প্ৰাৰ্থীসকলক নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়লৈ আদৰি আনে নিজ নিজ দলৰ সমৰ্থক সকলে ৷

ৰ'জলীনা তিৰ্কীৰ মনোনয়ন প্ৰদানৰ সময়ত তেঁওৰ সৈতে উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷ আনহাতে বিশ্বজিত ফুকনক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকা, বিনোদ গোৱালাই ৷

পৰাজিত নিৰ্দলীয় প্ৰাৰ্থীক বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰা বুলি প্ৰাক্তন মন্ত্ৰী ৰকীবুল হুছেইনে মন্তব্য কৰে ৷ সমান্তৰালকৈ, চাহ জনগোষ্ঠীৰ কোনো প্ৰতিনিধিকে বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান নকৰি প্ৰতাৰণা কৰা বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ ইয়াৰ উপৰিও এইবেলি ৰাজ্যত কংগ্ৰছে মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো 100 শতাংশ নিশ্চিত বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷

লগতে পঢ়ক-এজেপিয়ে ৰহাত প্ৰক্ষেপ কৰিলে কনিষ্ঠ প্ৰাৰ্থী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.