ETV Bharat / state

গোলাঘাটত ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ

শুকুৰবাৰে গোলাঘাটৰ কমাৰগাঁৱত সংঘটিত হ'ল এক শোকাৱহ পথ দুৰ্ঘটনা । মালবাহী বাহন আৰু এখন মাৰুতি ব্ৰেজাৰ মাজত হোৱা সংঘৰ্ষত নিহত হ'ল এজন লোক ।

Road accident At Golaghat
গোলাঘাটৰ কমাৰগাঁৱত পথ দুৰ্ঘটনা
author img

By

Published : Jun 11, 2021, 10:48 PM IST

গোলাঘাট, ১১ জুন: গোলাঘাটৰ কমাৰগাঁৱত মালবাহী বাহন আৰু এখন মাৰুতি ব্ৰেজাৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ । এই ভয়াৱহ দুৰ্ঘটনাত নিহত হয় এজন লোক । জানিব পৰা মতে, কমাৰগাঁও অঞ্চলৰ পাৰঘাটত এই দুৰ্ঘটনা সংঘটিত হয় ৷

কমাৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে গৈ আছিল AS-01-ED-1998 নম্বৰৰ মাৰুতি ব্ৰেজা (MARUTI BREZZA) বাহনখন । সেই সময়তে বিপৰীত দিশৰ পৰা আহি থকা AS-02-CC-3943 নম্বৰৰ মালবাহী বাহনখনৰ সৈতে মাৰুতিখনৰ মুখামুখি সংঘৰ্ষ হয় । এই দূৰ্ঘটনাত মাৰুতি ব্ৰেজা বাহনখনত থকা চংথম দেৱকুমাৰ সিং নামৰ যাত্ৰীগৰাকী থিতাতে নিহত হয় ।

আনহাতে, উক্ত দূৰ্ঘটনাত বাহনখনৰ চালক ওৱাংখেম মিলানো গুৰুতৰভাৱে আহত হয় । আহত ব্যক্তিজনক আৰক্ষীয়ে উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰিছে । ইতিমধ্যে দুয়োখন বাহন নিজৰ জিম্মাত লৈছে কমাৰগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক:নিৰ্মাণ নহ'ল বাংলিপাৰা গড়কাপ্তানী পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.