গোলাঘাট, ৩ মাৰ্চ: শাসনৰ গাদীলৈ আহিল ইটোৰ পিছত সিটোকৈ দল । কিন্তু চাহ শ্ৰমিকৰ দৈনিক মজুৰি একেই থাকিল । ৰাজনৈতিক নেতাসকলে নিৰ্বাচনৰ আগত চাহ শ্ৰমিকক লৈ প্ৰতিশ্ৰুতিৰ ওপৰত দিছিল প্ৰতিশ্ৰুতি । কিন্তু বাস্তৱত সকলো পৰিণত হ’ল ফুটুকাৰ ফেনত । যাৰ বাবে চাহ মজদুৰ সংঘই শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত গোলাঘাট জিলাৰ নুমলীগড়ৰ ধলাগুৰী চাহ বাগিচাত চাহ শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰীসকলে বাগানত বিভিন্ন চৰকাৰ বিৰোধী ধ্বনি দি উত্তাল কৰি তোলে পৰিৱেশ । উল্লেখযোগ্য যে, চাহ শ্ৰমিক সকলে বিভিন্ন সময়ত নিজৰ দৈনিক মজুৰি বৃদ্ধিৰ বাবে চৰকাৰক দাবী জনায় আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই চৰকাৰে । দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷ ইয়াৰোপৰি শ্ৰমিকৰ বকেয়া ধন আদায় দিয়া, চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, ভূমি পট্টা প্ৰদান কৰা আদিৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তেওঁলোকৰ এই দাবীসমূহ চৰকাৰক শীঘ্ৰেই কাৰ্যকৰীকৰণৰ বাবে সকীয়াই দিয়ে ৷ অন্যথা অনাগত দিনত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সকীয়নি দিয়ে ।
লগতে পঢ়ক:আমগুৰিত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ