ETV Bharat / state

কেতিয়া নিৰ্মাণ হ'ব ধনশিৰি মহকুমাৰ অন্তৰ্গত 'ৰেংমা পথ' ? - জৰাজীৰ্ণ পথ

বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো আবেদন কৰাৰ পাচতো আজিকোপতি নিৰ্মাণ নহ'ল ধনশিৰি মহকুমাৰ অতি গুৰুত্বপূৰ্ণ "ৰেংমা পথ" ৷ বিশেষকৈ পথটোত অধিক পুখুৰী সদৃশ গাঁত সৃষ্টি হোৱাৰ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হ'বলৈ আৰম্ভ কৰিছে বুলি সদৰী কৰিছে ৰাইজে ৷

poor condition of a road in dhansiri sarupothar
কেতিয়া নিৰ্মাণ হ'ব ধনশিৰি মহকুমাৰ অন্তৰ্গত 'ৰেংমা পথ' ?
author img

By

Published : Jun 12, 2021, 9:04 AM IST

সৰুপথাৰ, 12 জুন : বৰপথাৰৰ ৰেংমা পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে সাধাৰণ জনতাক । বছৰ বছৰ ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ অৱস্থাতে পৰি ৰৈছে ধনশিৰি মহকুমাৰ অতি গুৰুত্বপূৰ্ণ এই "ৰেংমা পথ" ৷

ৰাইজৰ অভিযোগ অনুসৰি পথটোত দৈনিক অহা-যোৱা কৰে অসংখ্য পাথৰ কঢ়িওৱা ডাম্পাৰ । যাৰ ফলস্বৰূপে পথটোত অধিক পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে ৷ ইয়াৰ পৰিণতিত পথটো সঘনাই দুৰ্ঘটনা সংঘটিত হ'বলৈ আৰম্ভ কৰিছে বুলি সদৰী কৰে স্থানীয় ৰাইজে ৷

কেতিয়া নিৰ্মাণ হ'ব ধনশিৰি মহকুমাৰ অন্তৰ্গত 'ৰেংমা পথ' ?

পথটো নিৰ্মাণ তথা মেৰামতি কৰিবৰ বাবে ৰাইজে কেইবাবাৰো জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিছিল যদিও আজিকোপতি সুফল লাভ নকৰিলে ৷ তথাপিও সৰুপথাৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকনে পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত বিশেষক ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে ৰাইজে ৷

লগতে পঢ়ক: চাপৰৰ হাতীপোতা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.