গোলাঘাট,24 ছেপ্তেম্বৰ: প্ৰদূষণ মুক্ত ভাৰত গঢ়াৰ সপোন বাস্তৱত পৰিণত কৰা এক ক্ষুদ্ৰ প্ৰয়াস ৷ গোলাঘাটৰ এগৰাকী ব্যক্তিয়ে গোলাঘাট চহৰখনকে ধৰি এটা বৃহৎ অঞ্চল প্লাষ্টিক মুক্ত কৰাৰ উদ্দেশ্যৰে লৈছে এটা বিশেষ পদক্ষেপ ৷ যিটো সময়ত প্লাষ্টিকে সমগ্ৰ বিশ্বতে প্ৰদূষণৰ সৃষ্টি কৰিছে তেনে সময়তে গোলাঘাটৰ যুৱ ব্যৱসায়ী দিগন্ত কুমাৰ শইকীয়াই ফেব্ৰিক বেগ নিৰ্মাণৰ এক উদ্যোগ খুলি প্ৰদূষণ মুক্ত পৰিৱেশ গঢ়াৰ এক পদক্ষেপ গ্ৰহণ কৰিছে ৷ ব্যৱসায়ী জনে লকডাউনৰ দুমাহ পূৰ্বে প্লাষ্টিক মুক্ত গোলাঘাট গঢ়াৰ সপোন লৈ আৰম্ভ কৰিছিল ফেব্ৰিক বেগ নিৰ্মাণৰ এই ক্ষুদ্ৰ উদ্যোগটো ৷ ইতিমধ্যেই নাগালেণ্ডত উদ্যোগটোৰ জৰিয়তে নিৰ্মাণ কৰা বেগৰ ভাল এখন বজাৰ দখল কৰিছে বুলি জনাইছে যুৱ ব্যৱসায়ী গৰাকীয়ে ৷
উল্লেখ্য যে, প্লাষ্টিকৰ বেগ পচি নোযোৱাৰ ফলত ই পৰিৱেশ প্ৰদূষিত কৰে । আনহাতে ফেব্ৰিকৰ এই বেগ ব্যৱহাৰ কৰাৰ পিছত পেলাই দিলে সহজতে পচি যায় ৷ যাৰবাবে দিগন্ত কুমাৰ শইকীয়াৰ এই পদক্ষেপক শলাগ লৈছে সচেতন ৰাইজে ৷ ইয়াৰ উপৰিও উদ্যোগতটোত প্ৰায় 10 জন লোকক সংস্থাপনৰ সুবিধা কৰি দিছে যুৱক জনক ৷ উল্লেখনীয় যে, উদ্যোগটোৱে দৈনিক 1000 ৰ পৰা 1500 লৈকে ফেব্ৰিক বেগ নিৰ্মাণ কৰে ৷
লগতে পঢ়কঃ বৰপেটাত আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত হাৰাশাস্তিৰ অভিযোগ