গোলাঘাট,13অক্টোবৰঃ গোলাঘাটত এতিয়াও সক্ৰিয় হৈ আছে খাৰুৱা তেলৰ এখন বৃহৎ ক'লা বজাৰ। ONGCৰ খাদৰ পৰা কঢ়িয়াই অনা খাৰুৱা তেল বিক্ৰী হয় ক’লা বজাৰত। গাড়ীয়ে গাড়ীয়ে সৰবৰাহ হয় অবৈধ খাৰুৱা তেল। গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাটিখোলা অঞ্চলৰ এটা পেট্ৰল পাম্পত ONGC ৰ মোবাইল পেট্ৰলিং ইউনিটৰ সহযোগত ঘিলাধাৰী আৰক্ষী আৰু গোলাঘাট আৰক্ষীৰ এটা অভিযানকাৰী দলে জব্দ কৰে খাৰুৱা তেল ভৰ্তি দুখনকৈ ট্ৰেংকাৰ। গোলাঘাটৰ বৰপথাৰত দীৰ্ঘদিনৰে পৰাই চলি আহিছে খাৰুৱা তেলৰ এই চোৰাং বেহা। পূৰ্বৰ দৰেই চুৰিকাণ্ড সংঘটিত কৰি অবৈধ তেলভৰ্তি দুখন ট্ৰেংকাৰ গোলাঘাটৰ বৰপথাৰৰ পৰা মাটিখোলাৰ এটা পেট্ৰ'ল পাম্পৰ মাধ্যমৰ জৰিয়তে যোগান ধৰিব লগা কোনো অসাধু ব্যৱসায়ীৰ ওচৰলৈ সৰবৰাহ কৰিবলৈ লওঁতেই আৰক্ষীয়ে হাতে লোটে গ্ৰেপ্তাৰ কৰে নিৰেন বৰা নামৰ এজন ব্যক্তিক ।
ইপিনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে পুলিন সন্দিকৈ নামৰ অন্য এজন ব্যক্তি। ঘটনাস্থলীত আৰক্ষীয়ে জব্দ কৰে এটা পাম্প আৰু তেল সৰবৰাহত প্ৰয়োজনীয় বিভিন্ন সা-সামগ্ৰী। উল্লেখ্যযোগ্য যে, চলংপথাৰত অৱস্থিত খাৰুৱা তেলৰ খাদৰ পৰা সৰবৰাহ হোৱা তেলৰ এক বৃহৎ পৰিমাণ বৰহোলাৰ ONGC শাখালৈ নিয়াৰ পৰিৱৰ্তে গোলাঘাটৰ বৰপথাৰত চোৰাংকৈ জমা কৰা হয়। জমা ৰখা বৃহৎ পৰিমাণৰ তেলখিনিৰ সৈতে অন্য কোনো সস্তীয়া ইন্ধন যোগ কৰি ট্ৰেংকাৰযোগে সৰবৰাহ কৰি তাক ONGC ৰ গ্ৰাহকক চোৰাংভাৱে বিক্ৰী কৰা হয়। লক্ষ্যণীয় কথাটো হ'ল যে, চোৰাং তেলৰ এই বেচা-কিনা সমূহ সংঘটিত হয় মাটিখোলাৰ সেই বিশেষ পেট্ৰ’ল পাম্পটোত।
এতিয়া প্ৰশ্ন হয়, কাৰ চত্ৰছায়াত চলিছে খাৰুৱা তেলৰ এই বৃহৎ চিণ্ডিকেট ? সমগ্ৰ ঘটনাৰ লগত জড়িত আছে নেকি ONGC ৰ কোনো বিষয়া-কৰ্মচাৰী? গোলাঘাটৰ বৰপথাৰত কাৰ নেতৃত্বত চলি আহিছে তেল চুৰিৰ এই অপৰাধজনিত কাৰ্য্য? সেইয়া পোহৰলৈ আহিব আৰক্ষীৰ নিৰপেক্ষ্য অনুসন্ধানতহে ।
লগতে পঢ়কঃ চলিত বৰ্ষত অনুষ্ঠিত নহয় দেশৰ ৰাজধানীৰ সবাতকৈ ডাঙৰ উৎসৱ 'ৰামলীলা'