গোলাঘাট, 28 মাৰ্চঃ নুমলীগড়ত এজন চিকিৎসকৰ বাবে সমগ্ৰ গোলাঘাট জিলাত কৰ’ণা ভাইৰাছৰ আতংক । NRL ৰ বিবেকানন্দ চিকিৎসালয়ৰ এজন চিকিৎসকে বিগত ১৪ মাৰ্চত দিল্লীৰ পৰা আহি চৰকাৰী নীতি নিৰ্দেশনা উলংঘা কৰি গোপনে কৰ্মৰত হৈ আছিল NRL বিবেকানন্দ চিকিৎসালয়ত । বৃহস্পতিবাৰে গোলাঘাট জিলা প্ৰশাসনৰ নেতৃত্বত এটা চিকিৎসকৰ দলে হ'ম কোৱাৰেণ্টাইন কৰিছে চিকিৎসক জনক ।
ইফালে চিকিৎসকজনে কৰ্মৰত অৱস্থাত বহু ৰোগী চোৱাচিতা কৰাৰ লগতে বহু লোকৰ সংস্পৰ্শলৈ আহিছিল । এজন চিকিৎসকৰ এনে কাণ্ডই সমগ্ৰ নুমলীগড়ত এক আতংকময় পৰিৱেশ সৃষ্টি কৰিছে । ইফালে শোধনাগাৰৰ নগৰাঞ্চলত আৰু বহু লোক আৰু ছাত্ৰ-ছাত্ৰী বিভিন্ন দেশ-বিদেশৰ পৰা গোপনে আহি সোমাই থকা সকলকো হ'ম কোৱাৰেণ্টাইন কৰিছে চিকিৎসকৰ দলে। চিকিৎসকগৰাকীৰ এই অবিবেচকী কাণ্ডৰ বিৰুদ্ধে গোলাঘাট জিলা প্ৰশাসন তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ৷
লগতে পঢক : কৰ'ণাৰে যুঁজিবলৈ ৰাজ্যিক কৰ্মচাৰীয়ে চৰকাৰক দিব দৰমহাৰ অংশ