তিতাবৰ, ২ এপ্ৰিলঃঅসমৰ মাটি নিজৰ বুলি দাবী কৰি নগাই চলাইছে সন্ত্ৰাস।যোৰহাট আৰু গোলাঘাট জিলাৰ সীমাতঅসমৰ মাটি নিজৰ বুলি দাবী কৰি চাৰিজনীয়া বন্দুকধাৰীনগা দুৰ্বৃত্তৰ দলে বহু মূল্যৱান গছ আৰু কলখেতি কাটি বিনষ্টকৰাত ব্যাপক উত্তেজনাই বিৰাজ কৰিছে সীমান্ত অঞ্চলত।
ৰাজ্যত পূৰ্ণগতিৰে নিৰ্বাচনী আখৰা চলি থকাৰ মাজতে যোৰহাট জিলাৰ অসম নগালেণ্ড সীমান্তৰ কোলাজানত নিৰীহ অসমীয়া গঞাৰ ওপৰতনগাই চলাইছে অত্যাচাৰ।উচ্চতম ন্যায়ালয়ৰ বিধি উলংঘা কৰিকোলাজান সীমান্তত নগা আৰক্ষীৰ এটা সীমান্ত নিৰীক্ষণ চকী স্থাপন কৰাৰ পাচৰে পৰাই সমগ্ৰ অঞ্চলটোত অসমীয়াৰ ওপৰত নগাৰ অত্যাচাৰ বৃদ্ধি পাইছে । পৰৱৰ্তী সময়ত অসম চৰকাৰক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলবাসী ৰাইজে দাবী জনাইছিল যদিওচৰকাৰে গুৰুত্ব প্ৰদান নকৰাত সীমান্তত আইন শৃংখলাপৰিস্থিতি অৱনতি হোৱাৰ দিশে গতি কৰিছে । ইতিমধ্যে বিগত তিনিদিন ধৰি সীমান্তৱৰ্তী অঞ্চলটোত নগাই গছ-গছনিকে ধৰি খেতি-বাতিটো অনিষ্ট সাধন কৰিছে ।সীমান্তৱৰ্তী অঞ্চলটোতঅসমৰ মাটি নিজৰ বুলি দাবী কৰি চাৰি জনীয়া বন্দুকধাৰীনগা দুৰ্বৃত্তৰ দলে তাণ্ডৱ চলাই থকাক লৈ এতিয়া সন্ত্ৰাসত দিন পাৰ কৰিছে অঞ্চলবাসী ৰাইজে ।