ETV Bharat / state

মহালয়া উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাতঃ ভ্ৰমণ

author img

By

Published : Sep 17, 2020, 10:13 AM IST

Updated : Sep 17, 2020, 12:36 PM IST

আজি শুভ মহালয়া ৷ কিন্তু এইবাৰৰ দৃশ্য যেন কিছু সুকীয়া ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত পূৰ্বৰ দৰে দেখা পোৱা নগল বৃহৎ প্ৰাতঃ ভ্ৰমণ ৷

Morning walk in various district in the day of Mahalaya
মহালয়া উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাতঃ ভ্ৰমণ

গোলাঘাট, 17 ছেপ্তেম্বৰ: আজি শুভ মহালয়া ৷ এই পৱিত্ৰ দিনতেই দূৰ্গতিনাশিনীৰ আগমন ঘটে ধৰালৈ৷ যাৰ বাবে মহালয়াৰ পুৱাই প্ৰাতঃ ভ্ৰমণলৈ উলাই আহে বহু লোক ৷ কিন্তু এইবাৰৰ দৃশ্য যেন কিছু সুকীয়া ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত পূৰ্বৰ দৰে দেখা পোৱা নগল বৃহৎ প্ৰাতঃ ভ্ৰমণ ৷

আন সমুহ জিলাৰ সমান্তৰালকৈ ব্যতিক্ৰম নহল গোলাঘাট জিলা ৷ অৱশ্যে মহামাৰী ক’ৰণাৰ ভয়াবহতাৰ বাবে গোলাঘাট নগৰত এইবাৰ দেখা নগল বৃহৎ প্ৰাতঃ ভ্ৰমণ ৷ প্ৰবাদ আছে যে, মহালয়াৰ পুৱা প্ৰাত ভ্ৰমণ কৰিলে বছৰটোত ভ্ৰমণৰ কোনো তিথি চোৱাৰ প্ৰয়োজন নাই ৷ উল্লেখযোগ্য যে, এই প্ৰাতঃ ভ্ৰমণৰ সময়ত একাংশই নীতি নিৰ্দেশনা অৱমাননা কৰাও পৰিলক্ষিত হয় ৷ মুখত মাস্ক নথকা অথবা কোনোধৰণৰ সামাজিক দূৰত্ব মানি চলা নাই একাংশ ভ্ৰমণকাৰীয়ে ৷ মহালয়াৰ এই পৱিত্ৰ ক্ষণত খুবেই সেৰেঙা মানুহে নগৰত প্ৰাতঃ ভ্ৰমণলৈ উলাই আহে ৷

ইফালে প্ৰশাসনৰ নিৰ্দেশাক অৱমাননা কৰি টীয়কৰ ৰাজপথত পুৱতি নিশা ভীৰ কৰিলে অগনন ৰাইজে ৷ ক'ৰণা ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসনে মহালয়াত প্ৰাত:ভ্ৰমণ নিষিদ্ধ কৰিছিল যদিও যোৰহাট জিলাৰ টীয়কৰ ৰাজপথত পুৱতি নিশা ৰাইজৰ ভীৰ পৰিলক্ষিত হ'ল ৷ জিলা প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি ৰাজপথলৈ প্ৰাত:ভ্ৰমণৰ বাবে ওলাই অহা অধিকাংশই সামাজিক দূৰত্ব মানি চলাটো দূৰৈৰে কথা মুখত লগোৱা নাছিল মাস্কখনো ৷ আগন্তুক দূৰ্গা পূজাত জিলা প্ৰশাসনে কেৱল নিৰ্দেশনা জাৰি কৰিয়েই চৰকাৰী দ্বায়িত্ব সামৰিলে, অনাগত দিনত যে কৰ'ণাৰ সক্ৰমণে যোৰহাটত ভয়ংকৰ ৰূপ ধাৰণ কৰিব সেইটো নিশ্চিত হৈ পৰিছে ৷

টীয়কৰ ৰাজপথত পুৱতি নিশা ভীৰ কৰিলে অগনন ৰাইজে

একেধৰনে ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লগতে কৰিমগঞ্জত উদযাপন কৰা হ'ল মহালয়া । কিন্তু এইবাৰৰ পৰিৱেশ সুকীয়া ৷ মহালয়া উদযাপন কৰাৰ বাবে ভক্তপ্ৰাণ ৰাইজ মাজত নাই উৎসাহ উদ্দীপনা ৷ মহালয়া উদযাপনৰ বাবে কৰিমগঞ্জ জিলা প্ৰশাসনেও নিৰ্দেশনা জাৰি কৰিছিল যদিও একাংশ লোকে আমান্য কৰিলে প্ৰশাসনৰ নিৰ্দেশনা ৷ এনে ক্ষেত্ৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষী তথা প্ৰশাসন মাজতো দেখা নগল কোনো তৎপৰতা ৷ সীমান্ত চহৰ কৰিমগঞ্জত পুৱাৰে পৰা মহালয়াৰ বাবে যথেষ্ঠ ভিৰ দেখিবলৈ পোৱা গ'ল। মহালয়াৰ উপলক্ষে যেন কোভিডৰ বাবে প্ৰশাসনে জাৰি কৰা সকলো নিয়মনীতি পাহৰি গল একাংশই। আচলতে শাৰদীয় দূৰ্গা পূজাৰ বতৰৰ প্ৰাক ক্ষনত ৰাইজে আৰু নিজকে সামৰিব নোৱাৰিলে। কিন্তু তাৰপিছতো বহুতে কোভিডৰ সকলো নিয়মনীতি মানি চলিছে ৷ ইপিনে কৰ'ণা আতংকৰ মাজতে কুশিয়াৰা নৈৰ পাৰত পূৰ্ব পুৰুষৰ আত্মাৰ শান্তি কামনাৰে বামুনে কৰালে তৰ্পন।

কৰিমগঞ্জত উদযাপন কৰা হ'ল মহালয়া

লগতে পঢ়কঃ দোলাত উঠি ধৰাৰ বুকুলৈ আগমন ঘটিল দুৰ্গতিনাশিনীৰ

Last Updated : Sep 17, 2020, 12:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.