গোলাঘাট, 20 অক্টোবৰ : গোলাঘাটত মঙলবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে সাব্যস্ত কৰিলে প্ৰতিবাদ । তিনিটা মূল দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । 'নাগৰিকত্ব সংশোধনী আইন', 'পৰিৱেশ প্ৰভাৱ নিৰূপণ আইন' 2020 আৰু 'কৃষি আইন' বাতিলৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।
অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে । কেন্দ্ৰীয় চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ'বেক, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ আদি বিভিন্ন শ্ল'গানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।
লগতে পঢ়ক : মহানগৰীৰ গাড়ীগাঁৱত দুৰ্ঘটনাত থিতাতে নিহত যুৱতী