গোলাঘাট,19 নৱেম্বৰ: গোলাঘাটত হ্ৰাস পোৱা নাই বন্যহস্তীৰ উপদ্ৰৱ ৷ নুমলীগড়ৰ মৰঙীত আজিও অব্যাহত আছে হাতীৰ তাণ্ডৱ ৷ ফলত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে মৰঙীবাসীয়ে ৷ বিশেষকৈ আঘোণ মাহৰ পৰিপ্ৰেক্ষিতত পকা ধান খাবলৈ পথাৰসমূহলৈ প্ৰতিদিনে নিশা আহে হাতীৰ জাক ৷ ধাননি পথাৰৰ সমান্তৰালকৈ মানুহৰ বসতিস্থলত সোমাই উপদ্ৰৱ চলাই হাতীৰ জাকসমূহে ৷
বুধবাৰে নিশাৰ ভাগতো হাতীৰ জাকে মিৰিপথাৰ, ধলাখাট আৰু কুমাৰগাঁৱত উপদ্ৰৱ চলাই ধাননি পথাৰ তহিলং কৰাৰ পিছত কাৰ্তিক গোৱালা আৰু বিজু মাহিলীৰ ঘৰৰ আচবাব ভাঙি খাদ্য সামগ্ৰী নষ্ট কৰে । হাতী-মানুহৰ এনে বৰ্ধিত সংঘাতে চিন্তাত পেলাইছে নুমলীগড় আৰু মৰঙী মৌজাবাসীক ৷ অঞ্চলবাসীৰ এটাই প্ৰশ্ন কেতিয়াবা সমাধান হ’বনে এনে সমস্যাৰ !
লগতে চাওকঃ বৰঙাবাৰীত হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিব নাৰ্চিং বিদ্যালয়ৰ আধাৰশিলা