সৰুপথাৰ, 27 জুলাই : অসম কন্যা লাভলীনা বৰগোঁহাই (Lovlina Borgohain)য়ে মঙলবাৰে Tokyo Olympics ৰ কোৱাৰ্টাৰ ফাইনেল (Quarter Final)ত প্ৰৱেশ কৰাৰ পাচতে আনন্দৰ বন্যা বৈছে সমগ্ৰ অসমৰ লগতে বৰপথাৰবাসীৰ মাজত ৷ পৰৱৰ্তী ৰাউণ্ডসমূহতো লাভলীনাই জয়ী হৈ ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে গৃহভূমি বৰপথাৰৰ ৰাইজে ৷ টকিঅ’ অলিম্পিক (Tokyo Olympics)ৰ অভিষেক মেচত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয় বক্সাৰ লাভলীনা ৷
মহিলাৰ 69 কেজি শাখাৰ 16 ৰাউণ্ডৰ মেচখনত জাৰ্মানী বক্সাৰ নাদিনে আপেটজক পৰাজিত কৰে দুবাৰকৈ ৱৰ্ল্ড চেম্পিয়নশ্বীপ (World Championship)ত ব্ৰঞ্জ মেডেল প্ৰাপ্ত বক্সাৰগৰাকীয়ে ৷ Tokyo Olympics ত ভাৰতীয় বক্সাৰসকলে এতিয়ালৈকে আশা কৰা ধৰণে ফলাফল দাঙি ধৰিব পৰা নাই ৷ বিপৰীতে লাভলীনাৰ এই বিজয়ে উৎসাহিত কৰি তুলিছে সকলোকে ।
গৃহভূমি বৰপথাৰত খেলুৱৈগৰাকী জয়ী হোৱাৰ লগে লগে বিভিন্নজনৰ মাজত দেখা গ’ল আনন্দ-উল্লাস । পৰৱৰ্তী 30 জুলাইৰ পুৱা 8 বাজি 48 মিনিটত কোৱাৰ্টাৰ ফাইনেল মেচৰ বাবে ৰিঙত নামিব লাভলীনা ৷ লাভলীনাৰ জয়ে চলিত অলিম্পিকত দেশে পদক পোৱাৰ সম্ভাৱনা সজীৱ কৰি ৰাখিছে ৷
লগতে পঢ়ক : Tokyo Olympics : প্ৰতিপক্ষক হৰুৱাই বক্সিঙৰ কোৱাটাৰ ফাইনেলত লাভলীনা