ETV Bharat / state

গোলাঘাটত পুনৰ এদিনৰ বাবে বৃদ্ধি লকডাউন - Covid

পুনৰ এদিনৰ বাবে গোলাঘাট জিলাত লকডাউনৰ (Lockdown) সময়সীমা বৃদ্ধি কৰিলে প্ৰশাসনে ৷ জিলাখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি বুধবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাই ৷

again on a day of increase lockdown In Golaghat District
গোলাঘাটত পুনৰ এদিনৰ বাবে বৃদ্ধি লকডাউন
author img

By

Published : Jul 14, 2021, 10:36 PM IST

সৰুপথাৰ, 14 জুলাই : ক'ভিড পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে গোলাঘাট জিলাৰ (Golaghat District) বিভিন্ন স্থান পৰিদৰ্শন কৰে নৱ নিযুক্ত উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাই । ইফালে ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়তো ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱা (Deputy Commissioner)। ধনশিৰি মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া সকলৰ সৈতে ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয় উপায়ুক্ত গৰাকী ।

জিলাখনৰ প্ৰশাসন ( Administration) আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া সকলৰ সৈতে হোৱা আলোচনাৰ অন্তত পুনৰ এদিনৰ বাবে জিলাখন সম্পূৰ্ণ লকডাউনৰ (Lockdown) ম্যাদ বঢ়াই দিয়া সিদ্ধান্ত গ্ৰহণ কৰে উপায়ুক্তই । মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা আলোচনাৰ পিছতে উপায়ুক্তগৰাকী উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়লৈ ৰাওনা হয় । চিকিৎসালয় খনত চিকিৎসাধীন হৈ থকা ক'ভিড ৰোগী আৰু ক'ভিড (Covid) পৰিস্থিতিৰো বুজ লয় উপয়ুক্ত গৰাকীয়ে ৷

গোলাঘাটত পুনৰ এদিনৰ বাবে বৃদ্ধি লকডাউন

পুনৰ এদিনৰ বাবে লকডাউন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাত পূৰ্বৰ দৰে 15 জুলাই বৃহস্পতিবাৰেও সম্পূৰ্ণ বন্ধ থাকিব গোলাঘাট জিলাখন । উক্ত দিনটোত গোলাঘাট জিলাত গেলামালৰ দোকান, শাক-পাচলি, ফলমূলৰ দোকানসমূহ আগৰ দৰেই বন্ধ থাকিব। কেৱল মাত্ৰ দুগ্ধজাত সামগ্ৰীৰ দোকান আৰু ফাৰ্মাচীহে খোলা থাকিব বুলি নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে ৷

জিলাখনত ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰিছ এই নিৰ্দেশনা । ধনশিৰি মহকুমাটো ভ্ৰমণকালত লকডাউন সম্পৰ্কত ৰাইজে সহাৰি দিয়াত সন্তুষ্টি প্ৰকাশ কৰে উপায়ুক্ত গৰাকীয়ে । শীঘ্ৰেই জিলাখনত শান্ত পৰিৱেশ ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰিছে ৷ ইফালে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত গোলাঘাট জিলাৰ লগতে 7 খন জিলা সম্পূৰ্ণ লকডাউন ঘোষণা কৰে চৰকাৰে ৷

উল্লেখ্য যে, কৰ'ণা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাত মঙলবাৰে আৰক্ষী আৰু প্ৰশাসনে ক'ভিড সজাগতা ৰেলী উলিয়াইছে ৷ চৰকাৰে জাৰি কৰা ক'ভিড এচ.অ.পি(SOP) যাতে কোনো কাৰণতে উলংঘা নকৰে,তাৰ প্ৰতি সকলো ৰাইজকে আহ্বান জনায় ৷ যিসকল লোকে এই ক'ভিডৰ নীতি নিয়ম উলংঘা কৰিছে সেই সকলৰ বিৰুদ্ধে সস্তম হৈ পৰিছে আৰক্ষী ৷
লগতে পঢ়ক-মোক লাইফ বনাই দিম বুলি কোৱাত বেচিছিলো কিডনী : চাঞ্চল্যকৰ স্বীকাৰোক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.