ETV Bharat / state

Picnic Party on Last Day of 2021: বছৰৰ অন্তিমটো দিনত কাইফ'লাংচ জলপ্ৰপাতত ভিৰ বনভোজ দলৰ

author img

By

Published : Dec 31, 2021, 9:29 PM IST

Updated : Dec 31, 2021, 9:56 PM IST

আজি 2021 বৰ্ষৰ অন্তিমটো দিন (Last Day of 2021)৷ ক’ৰনা আৰু অ’মিক্ৰণৰ আতংকৰ মাজতো বনভোজ দলৰ উপস্থিতিত উদুলি-মুদুলি হৈ পৰিছে কাইফ'লাংচ জলপ্ৰপাতৰ বাকৰি (Picnic parties gathered at Kaipholangso Waterfalls) ৷ নাচি-বাগি আনন্দত মতলীয়া হৈ পৰিছে বনভোগকাৰী ৷

picnic parties gathered at Kaipholangso Waterfalls
কাইফ'লাংচ জলপ্ৰপাতত ভীৰ বনভোজ দলৰ

বোকাখাত, 31 ডিচেম্বৰ : আজি 31 ডিচেম্বৰ ৷ 2021 বৰ্ষৰ অন্তিমটো দিন ৷ হাঁহি-কান্দোন, পোৱা-নোপোৱাৰ কিছু অভিজ্ঞতাৰে পাৰ হ’ল পুনৰ এটা বছৰ ৷ ২০২১ বৰ্ষৰ শেষৰ দিনটোত উখল-মাখল হৈ পৰিল বোকাখাতৰ সমীপৱৰ্তী কাকচাং জলপ্ৰপাত বনভোজ স্থলী (Picnic Party on Last Day of 2021) । পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰিবৰ বাবে সাজু হৈছে সমগ্ৰ বিশ্ব ৷ ক'ভিড সৃষ্ট পৰিৱেশ আৰু অ’মিক্ৰণৰ ভয়াৱতাৰ মাজতো বনভোজ দলেৰে ভৰি পৰিছে বোকাখাতৰ গোলাঘাট আৰু কৰ্বি আংলং সীমাৰ কাকচাঙৰ কাইফ'লাংচ জলপ্ৰপাত (Picnic parties gathered at Kaipholangso Waterfalls) ৷

বনভোজৰ হট স্পট ৰূপে পৰিগণিত হোৱা গোলাঘাট-কাৰ্বি আংলঙৰ জিলাৰ সীমান্তত অৱস্থিত কাকচাঙৰ কাইফ'লাংচ জলপ্ৰপাতত এতিয়া বনভোজকাৰী দলৰ অভাবনীয় ভীৰ পৰিলক্ষিত হৈছে । বনভোজ দলৰ উপস্থিতিত উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে কাইফ'লাংচ জলপ্ৰপাতত (Picnic spots of Assam) ৷

কাইফ'লাংচ জলপ্ৰপাতত ভিৰ বনভোজ দলৰ

লগতে পঢ়ক : ভাৰতত অ’মিক্ৰণৰ প্ৰাদুৰ্ভাৱে প্ৰভাৱ পেলাইছে নেকি বনভোজৰ আনন্দত ?

প্ৰাকৃতিক পৰিৱেশৰ মাজত লগে-ভাগে এসাঁজ খোৱাৰ মানসেৰে কোনোৱে যদি পৰিয়ালৰ সৈতে আন কোনোৱে আকৌ সমনীয়াৰ সৈতে পুৱাৰে পৰা ভিৰ কৰিছেহি কাইফ'লাংচ জলপ্ৰপাতৰ বাকৰিত (Kaipholangso Waterfalls at Golaghat) ৷ ক'ভিডসৃষ্ট পৰিৱেশৰ পাচতো দীৰ্ঘদিনৰ নিস্তব্ধতা ভাঙি প্ৰাণ পাই নাচি-বাগি আনন্দ আত্মহাৰা হৈ পৰিছে বনভোজকাৰী দলসমূহ ৷ কাকচাঙৰ কাইফ'লাংচ জলপ্ৰপাতৰ নান্দনিক পৰিৱেশত সকলো এতিয়া আত্মহাৰা হৈ পৰিছে ৷

নাচিছে, গাইছে, নান্দনিক পৰিৱেশত একপি ফটো উঠিছে ৷ প্ৰতিটো দলৰে, প্ৰতিগৰাকী লোকৰে মাত্ৰ এটাই আশা, নতুন বছৰটো ভালে-কুশলে যাওক সকলোৰে বাবে ৷ ক'ভিড সৃষ্ট পৰিৱেশ নাশ হৈ পুনৰ বিশ্বলৈ ঘূৰি আহক স্বাভাৱিক অৱস্থা ৷

লগতে পঢ়ক : Bogamati picnic spot : বগামাটিৰ সৌন্দৰ্যই মুহিছে বনভোজ দলক

Last Updated : Dec 31, 2021, 9:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.