ETV Bharat / state

ৰখীয়াবিহীন হ’ল শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল - khumtai kushal kowar thread mill

গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টিৰ অন্তর্গত ডাবিডুবি সূতা কলটো অসম গণ পৰিষদ চৰকাৰৰ কাৰ্যকালত স্থাপন কৰা হৈছিল ৷ 1990 চনৰ 26 আগষ্টত মুকলি হৈ মাত্ৰ 3 বছৰ চলি 1993 চনৰ জুন মাহত বন্ধ হৈ যায় শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকলটো ৷ কিন্তু ইয়াৰ মাজতে উক্ত আঠজন সুৰক্ষা কৰ্মীয়ে পাল পাতি দিনে নিশাই পহৰা দি আহিছে শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকলক ৷

kushal kowar thread mill at khumtai is going to be stopp
ৰখীয়াবিহীন হ’ল শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল
author img

By

Published : Jan 26, 2020, 8:18 PM IST

গোলাঘাট,26 জানুৱাৰীঃ গোলাঘাট জিলাৰ খুমটাইৰ এটি পৰিচত নাম শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল ৷ কিন্তু গণৰাজ্য দিৱসৰ এই দিনটোৰ পৰাই ৰখীয়াবিহীন হ’ল সূতাকলটো ৷ বিনা বেতনে মিলটোক সুৰক্ষা প্ৰদান কৰি অহা 8 গৰাকী সুৰক্ষা কৰ্মীয়ে শেষবাৰৰ বাবে গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰি ত্যাগ কৰিলে নিস্বাৰ্থভাৱে পালন কৰা নিজৰ দায়িত্ব ৷ সূতাকলটো সুৰক্ষা প্ৰদান কৰি আহিছে সুৰক্ষা কৰ্মীৰ তত্বাৱধায়ক নুমল গগৈ, কালিমুদ্দিন আহমেদ, এতুৱা মুড়া, অনিল ঠাকুৰ, ৰবি তুৰি, বুদ্ধেশ্বৰ তাঁতী, বিহুৰাম ৰাজগড় আৰু ৰঘু তাঁতীয়ে ৷

উল্লেখ্য যে, গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টিৰ অন্তর্গত ডাবিডুবি সূতা কলটো অসম গণ পৰিষদ চৰকাৰৰ কাৰ্যকালত স্থাপন কৰা হৈছিল ৷ 1990 চনৰ 26 আগষ্টত মুকলি হৈ মাত্ৰ 3 বছৰ চলি 1993 চনৰ জুন মাহত বন্ধ হৈ যায় শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকলটো ৷ কলটো বন্ধ হৈ পৰা ফলত ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ কেইবাশ কৰ্মচাৰী নিবনুৱা হৈ পৰে ৷ ৬৫৬ বিঘা ২ কঠা ১৩ লোছা মাটিত অৱস্থিত সূতাকলতো বৰ্তমান সময়ত হাবি জংঘলৰে ভৰি পৰাৰ লগতে বিভিন্ন বনৰীয়া জীৱ-জন্তুৰ বাসস্থানত পৰিণত হৈছে ৷ কিন্তু ইয়াৰ মাজতে উক্ত আঠজন সুৰক্ষা কৰ্মীয়ে পাল পাতি দিনে নিশাই পহৰা দি আহিছে শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকলক ৷ আনহাতে, সূতা কলটোত মুঠ ১৫৯ গৰাকী স্থায়ী কৰ্মচাৰী ১৫০ গৰাকী অস্থায়ী কৰ্মচাৰীৰ উপৰিও এক হেজাৰৰো অধিক শ্ৰমিক নিয়োজিত হৈ আছিল ৷ কলটো বন্ধ হৈ পৰাৰ ফলত অভাৱত পৰি ইতিমধ্যে বহু কেইজনে আত্মহত্যা কৰাৰ লগতে মুঠ ১৭ জন কৰ্মচাৰী মৃত্য হৈছে ৷

ৰখীয়াবিহীন হ’ল শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল

এই সকলো কথা সম্পৰ্কে চৰকাৰী পক্ষই জ্ঞাত হৈও সূতাকলটো সজীৱ কৰাৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ শেষবাৰৰ বাবে পতাকা উত্তোলন কৰি আবেগিক হৈ পৰে আঠোজন কৰ্মচাৰী ৷ সূতাকলটো সংৰক্ষণৰ ক্ষেত্ৰত এতিয়া চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক-কাশ্মীৰ সন্দৰ্ভত নতুন দিল্লীৰ নীতি

Intro:খুমটাইৰ গোলাঘাট জিলাৰ এটি পৰিচত নাম স্বহীদ কুশল কুৱৰ সুতাকল। আজিৰ পৰা ৰখিয়াবীহিন হল এই সুতাকলতো।Body:
আজি গনৰাজ্য দিৱস, আজিৰ পৰাই সুৰক্ষা বিহীন হ'ব শ্বহীদ কুশল কোঁৱৰ সূতাকল। প্ৰতিশ্ৰুতিৰ ধুমুহা বৰষুণে ধুই নিয়া এটা মিল। গোলাঘাট জিলাৰ এটা পৰিচিত নাম শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল। এই সূতা কলটো ৰাজনৈতিক দলৰ এটা প্ৰতিশ্ৰুতি দিব পৰা ভাল সমল। সূতাকলটোৰ নাম লৈ গোলাঘাট জিলাত বহু কেইজনে মন্ত্ৰীত্ব পদ অলংকৃত কৰিলে। কিন্তু কিবা এটা ভাল হ'ব বুলি ভাবি থকা ৰাইজৰ আশা আজিও সতেজ। বহু প্ৰতিশ্ৰুতিৰে সজীৱ নোহোৱা শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল গণৰাজ্য দিৱসৰ দিনাৰ পৰাই হল অকলশৰীয়া। বিনা বেতনে মিলটোক সুৰক্ষা প্ৰদান কৰি অহা ৮ গৰাকী সুৰক্ষা কৰ্মীয়ে শেষবাৰৰ বাবে গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰি ত্যাগ কৰিলে নিস্বাৰ্থভাৱে পালন কৰা নিজৰ দায়িত্ব। সূতা কলটো সুৰক্ষা প্ৰদান কৰি আহিছে সুৰক্ষা কৰ্মীৰ তত্বাৱধায়ক নুমল গগৈ, কালিমুদ্দিন আহমেদ, এতুৱা মুড়া, অনিল ঠাকুৰ, ৰবি তুৰি, বুদ্ধেশ্বৰ তাঁতী, বিহুৰাম ৰাজগড় আৰু ৰঘু তাঁতীয়ে। শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকলৰ অতীতলৈ চালে মিলটো ১৯৯০ চনৰ ২৬ আগষ্টত মুকলি হৈ মাত্ৰ ৩ বছৰৰ চলি ১৯৯৩ চনৰ জুন মাহত বন্ধ হৈ যায়। অদক্ষ পৰিচালনাৰ বাবেই ১৯৯৩ চনত বন্ধ হৈ পৰিছিল শ্বহীদ কুশল কোঁৱৰ সমবায় সূতা কলটো। সূতা কলটো বন্ধ হৈ পৰা ফলত ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ কেইবাশ কৰ্মচাৰী নিবনুৱা হৈ পৰে। গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টিৰ অন্তর্গত ডাবিডুবি সূতা কলটো অসম গণ পৰিষদ চৰকাৰৰ কাৰ্যকালত স্থাপন হৈছিল। ১৯৯৯ চনৰ পৰা উৎপাদন আৰম্ভ কৰি অদক্ষ পৰিচালনাৰ বাবেই ১৯৯৩ চনত বন্ধ হৈ পৰিল এই সূতাকলটো। ৬৫৬ বিঘা ২ কঠা ১৩ লোছা মাটিত অৱস্থিত সূতাকলতো বৰ্তমান সময়ত হাবি জংঘলৰে ভৰি পৰাৰ লগতে বাঘ, শিয়াল, সাপ আদিৰ বাসস্থান হৈ পৰিছে। ইয়াৰ উপৰিও বিভিন্ন সময়ত অসামাজিক কাৰ্যকলাপ সংঘটিত হয় পৰিত্যক্ত স্থানটোত। অৱশ্যে আজিও উক্ত আঠজন সুৰক্ষা কৰ্মীয়ে পাল পাতি দিনে নিশাই পহৰা দি আহিছে শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকলৰ। সূতা কলটোত মুঠ ১৫৯ গৰাকী স্থায়ী কৰ্মচাৰী ১৫০ গৰাকী অস্থায়ী কৰ্মচাৰীৰ উপৰিও এক হেজাৰৰো অধিক শ্ৰমিক নিয়োজিত হৈ আছিল। কলটো বন্ধ হৈ পৰাৰ ফলত অভাৱত পৰি ইতিমধ্যে বহু কেইজনে আত্মহত্যা কৰাৰ লগতে মুঠ ১৭ জন কৰ্মচাৰী মৃত্য হৈছে। এই সমূহ চৰকাৰী পক্ষই জ্ঞাত হৈও সূতাকলটো সজীৱ কৰাৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি যি ৮জন সুৰক্ষা কৰ্মী নিয়োজীত হৈ আছে,, ২৬ জানুৱাৰী অৰ্থাৎ আজিৰ পৰা গৰাকী বিহীন হৈ পৰিব শ্বহীদ কুশল কোঁৱৰ সূতাকল। ইয়াৰ পিছত সূতাকলটো অৱস্থা বৰুৱাবামুণ চেনীকলৰ দৰে হ'ব সেইয়া নিশ্চত। আজি ২৬ জানুৱাৰীত শেষ বাৰলৈ পতাকা উত্তোলন হল শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকলত। বিনাবেতনে কাম কৰি অহা ৮ গৰাকী সুৰক্ষা কৰ্মীয়ে শেষবাৰলৈ উত্তোলন কৰি ৰাষ্ট্ৰীয় পতাকা আবেগিক হৈ পৰিল। ১৯৯০ চনৰ ২৬ আগষ্টত মুকলি হোৱা খলটো মাত্ৰ ৩ বছৰ চলি ১৯৯৩ চনৰ জুন মাহত বন্ধ হৈ পৰে । ৰখীয়া বিহীন হৈ পৰিব শ্বহীদ কুশল কোঁৱৰ সূতাকলতো বৰ্তমানৰ চৰকাৰে কি ব্যবস্থা লয় সেয়াহে হব লক্ষ্যণীয় ।Conclusion:Byte_1/ সুৰক্ষা কৰ্মী।

2/ স্থানীয় ব্যক্তি।

3/ সুৰক্ষা কৰ্মী।

খুমটাইৰ পৰা দিপক হাজৰিকাৰ প্ৰতিবেদন।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.