ETV Bharat / state

দেৰগাঁৱত তিনি সংগঠনৰ পাঁচ ঘন্টীয়া অৱস্থান ধৰ্মঘট

author img

By

Published : Nov 19, 2020, 9:59 PM IST

দেৰগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,নাৰী মুক্তি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত পাঁচঘন্টীয়া অৱস্থান ধৰ্মঘট ৷ কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ মুক্তিৰ দাবীসহ জাতিধ্বংসী কা আইন বাতিলৰ দাবীৰে প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

as_glt_kmss_protest_img_as10024
দেৰগাঁৱত তিনি সংগঠনৰ পাঁচ ঘন্টীয়া অৱস্থান ধৰ্মঘট

গোলাঘাট,19 নৱেন্বৰ: গোলাঘাট জিলাৰ দেৰগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,নাৰী মুক্তি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত পাঁচঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিগত প্ৰায় এটা বছৰ ধৰি কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ মুক্তিৰ দাবীসহ জাতিধ্বংসী কা আইন বাতিলৰ দাবীৰে প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ ইয়াৰোপৰি দুখীয়া মানুহক জুৰুলা কৰা মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে ঋণ ৰেহাইৰ দাবীৰ লগতে দেৰগাঁৱৰ সমীপৰ ৰঙামাটিত নিৰ্মীয়মান টোল গেট বন্ধ কৰাৰো দাবী উত্থাপন কৰে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াই উপস্থিত থাকি সাৱলীল ভাষণ প্ৰদান কৰে ৷ নাৰী মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী বিমলা গগৈ,গোলাঘাট জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক হিৰকজ্যোতি শইকীয়া,দিব্যজ্যোতি হাজৰিকা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সভাপতি সত্যব্ৰত শইকীয়াৰ লগতে দেৰগাঁও আঞ্চলিকৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ৷ কাৰ্যসূচীৰ অন্তত পাঁচোটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ দেৰগাঁও ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: সাংসদ বদৰুদ্দিন আজমলক কৃতজ্ঞতা ধুবুৰীবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.