ETV Bharat / state

নাহিল বান; চিন্তিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ

বাৰিষা যাওঁ যাওঁ ৷ কিন্তু বৰ্তমানলৈকে নাই বাঢ়নী পানী ৷ তাৰবাবে চিন্তিত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ পানীৰ নাটনিৰ বাবে বিশেষকৈ বন্যপ্ৰাণী তথা পক্ষী কুলৰ বাবে খৰালি কালত সুবিধা হোৱাকৈ পানী সংৰক্ষণৰ এক সফল পৰিকল্পনা উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে ব্যৱস্থা কৰিছে ৷

author img

By

Published : Aug 22, 2021, 8:14 PM IST

WATER RESURVATION
কাজিৰঙা

বোকাখাত,22 আগষ্ট : প্ৰতি বছৰে বানে বিধ্বস্ত কৰা অসমত এইবাৰ নাই বানৰ ভয়ানক প্ৰকোপ ৷ কেইখনমান জিলাৰ নৈ পৰীয়া অঞ্চলৰ বাহিৰে বাঢ়নী পানীৰ প্ৰভাৱ পৰা নাই ৰাজ্যৰ সৰহভাগ অঞ্চলত ৷ পূৰ্বতে বাৰিষা বানত প্লাৱিত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো এইবাৰ উদ্ভৱ হোৱা নাই বান সমস্যা ৷

বানৰ বাবে চিন্তিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ

অতি পৰিতাপৰ কথা যে, চলিত বৰ্ষত বানপানীৰ অভাৱত দিনক দিনে এই জলাশয়বোৰ শুকাই যাবলৈ ধৰিছে । বাৰিষা কালত উক্ত জলাশয়বোৰ পানীৰে পূৰ্ণ হৈ থকাত বন্যপ্ৰাণীৰ কাৰণে সমস্যাৰ সৃষ্টি নহয় যদিও খৰালি কালত ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়, হাতী, ম'হ, পহু আদি বন্যপ্ৰাণীয়ে এটুপি পানী বিচাৰি হাহাকাৰ কৰিব লগা হয় । এনে ধৰণৰ সমস্যা কিছু লাঘৱ কৰাৰ উদ্দেশ্যে উদ্যান কৰ্তৃপক্ষই বিশেষ পানী যোগান আচঁনি হাতত লৈছিল ।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীয়ে যাতে বিশেষকৈ খৰালি কালত এটুপি পানীৰ কাৰণে হাহাকাৰ কৰিব লাগা নহয়, তাৰ বাবে কেম্পা আঁচনি, কাজিৰঙা টাইগাৰ কনজাৰভেচন ফাউণ্ডেশ্যনৰ ধনেৰে হাতত লোৱা হৈছিল এই বিশেষ পৰিকল্পনা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সৰু-বৰ মিলাই মুঠ ১৯২ খন জলাশয় আছে । এই জলাশয়বোৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ লগতে পক্ষী তথা জলজ প্ৰাণীয়ে জীৱন নিৰ্বাহ কৰি আহিছে ।

লগতে পঢ়কঃ চৰকাৰী চাকৰিত জনসংখ্যা নীতি : অৱশেষত জাৰি হ'ল জাননী

ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে জানিবলৈ দিয়ে মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়বোৰ কেৱল বন্যপ্ৰাণীয়েই নহয় বিশেষকৈ পৰিভ্ৰমী পক্ষীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ । বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগৰাতলী বনাঞ্চলৰ চহলা বিলৰ লগতে আন জলাশয়বোৰ পৰিভ্ৰমী পক্ষীৰ কাৰণে এক উত্তম স্থান হিচাপে পৰিগণিত হৈ আহিছে ।

খৰালি কালত পৃথিবীৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা বহু হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি কাজিৰঙালৈ প্ৰতি বছৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ আগমণ ঘটে । সঞ্চালকজনে আৰু জানিব দিয়া মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ হালধিবাৰী, বান্দৰডুবি, দেওচুৰ, পতাহী, কঠালচাঙকে ধৰি মুঠ ছটা স্থানত এই পানী সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ।

ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত থকা জলাশয়বোৰৰ মুখত বিশেষকৈ খৰালি কালত পানী ওলাই যাব নোৱৰাকৈ বিজ্ঞানসন্মতভাৱে বান্ধ আৰু কালভাৰ্ট নিৰ্মাণ কৰা হৈছে । যাতে কাজিৰঙাত বানপানী নহ'লেও কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় জীৱ-জন্তু আৰু পক্ষীকুলৰ বাবে ৷

কিন্তু চলিত বৰ্ষত কাজিৰঙাত বাঢ়নী পানী নোসোমোৱাৰ বাবে পানী সংৰক্ষণক লৈ চিন্তিত হৈ পৰিছে বন বিভাগ ৷ বান কাজিৰঙাৰ বাবে কেৱল অভিশাপ নহয়, সময়ত ই আশীৰ্বাদ হিচাপেও গণ্য হৈ আহিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.