ETV Bharat / state

চৰকাৰৰ স্ক্ৰেপজ নীতি: সংশয়ত ভুগিছে কাজিৰঙাৰ জীপ ছাফাৰী সন্থা

author img

By

Published : Jul 9, 2022, 12:50 PM IST

প্ৰদুষণ নিয়ন্ত্ৰণ আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ নীতি । ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে স্ক্ৰেপজ নীতি ২০২২(Scrap Policy 2022)ত । সেই অনুসৰি ১৫ বছৰৰ অধিক পুৰনি বাহন চলাচলত বাধা আৰোপ কৰিব চৰকাৰে(Government restricts movement of vehicles above 15 years of age) । ইয়াৰ পাছতেই শংকিত হৈ পৰিছে জীপ চাফাৰীৰ লগত জড়িত লোকসকল ।

kaziranga jeep safari association is apprehensive
ৰাজ্য চৰকাৰৰ স্ক্ৰেপজ নীতি ২০২২ ৰ বাবে সংশয়ত ভুগিছে কাজিৰঙাৰ জীপ ছাফাৰী সন্থাই

কাজিৰঙা,৯ জুলাই: ৰাজ্য চৰকাৰে অনুমোদন জনোৱা স্ক্ৰেপ নীতি ২০২২(Scrap Policy 2022) অনুসৰি ১৫ বছৰৰ অধিক পুৰনি বাহন চলাচলত বাধা থাকিব চৰকাৰৰ(Government restricts movement of vehicles above 15 years of age) । প্ৰদূষণ আৰু পৰিৱেশ অনুকুল ৰখাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে কেবিনেটত স্ক্ৰেপজ নীতি ২০২২ অনুমোদন জনাইছে । ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে কাজিৰঙাৰ শ শ ড্ৰাইভাৰ আৰু আৰু গাড়ীৰ গৰাকী ।

কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটনত ব্যৱহৃত অধিকাংশ জিপছী গাড়ীৰ বয়স ইতিমধ্যে ১৫ বছৰ অতিক্ৰম কৰিছে । মাত্ৰ ৫ ৰ পৰা ৮ খন গাড়ীয়েহে চৰকাৰৰ এই নীতিত চলিব পাৰিব । এই নীতি কাজিৰঙাত কাৰ্যকৰী কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ লগত জড়িত ৯০% চালক আৰু জিপছীৰ মালিকে কৰ্মসংস্থাপন হেৰুৱাব বুলি মন্তব্য কৰে কাজিৰঙা জীপ চাফাৰী সন্থাৰ সভাপতি তুলসী বৰদলৈয়ে ।

সেয়েহে জীপ চাফাৰী সন্থাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ লগত জড়িত জিপছী ব্যৱসায়ী সকলক ৮০ শতাংশ ৰেহাই মূল্যত জিপছী গাড়ী যোগান ধৰিবলৈ । অন্যথা পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হ'ব জীপ চাফাৰীৰ লগত জড়িত লোকসকলৰ ।

লগতে পঢ়ক: নাজিৰাত ব্যৱসায়িক প্ৰতিষ্ঠানত ওলাল বৃহৎ পৰিমাণৰ নিষিদ্ধ প্লাষ্টিকৰ সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.