ETV Bharat / state

কাৰাদণ্ডৰ ৰায়ৰ পিছত জীতেন গগৈৰ প্ৰতিক্ৰিয়া - Jiten Gogoi conviction

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনাধিকাৰ প্ৰৱেশ কৰি মৎস চিকাৰ কৰাৰ অপৰাধত আন চাৰিগৰাকীৰ সৈতে বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈক কাৰাদণ্ডৰ ৰায় দিয়ে গোলাঘাট অতিৰিক্ত জিলা ‌ও সত্ৰ ন্যায়াধীশে ৷ ৰায়দানৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে (Jiten Gogoi reaction on conviction) ৷

Jiten Gogoi reaction on conviction
কাৰাদণ্ডৰ ৰায়ৰ পিছত জীতেন গগৈৰ প্ৰতিক্ৰিয়া
author img

By

Published : Mar 5, 2022, 9:34 PM IST

বোকাখাত, 5 মাৰ্চ: ২০০৯ বৰ্ষৰ এটা গোচৰৰ ভিত্তিত শনিবাৰে গোলাঘাট অতিৰিক্ত জিলা ‌ও সত্ৰ ন্যায়ধীশ কৌশিক হাজৰিকাৰ আদালতে প্ৰাক্তন বিধায়ক জীতেন গগৈসহ আন চাৰিগৰাকী লোকক দোষী সাব্যস্ত কৰে । এসময়ত নিজকে কাজিৰঙাৰ ৰজা হিচাপে চিনাকি দিয়া প্ৰাক্তন বিধায়ক জীতেন গগৈ, কুশল দুৱৰীক জৰিমনাসহ কাৰাদণ্ডৰ ৰায়দান কৰে আদালতে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনাধিকাৰভাৱে প্ৰৱেশ কৰি মাছ মৰাৰ অপৰাধৰ গোচৰ তৰিছিল ৰেঞ্জাৰ ডম্বৰুধৰ বড়োৱে ৷

কাৰাদণ্ডৰ ৰায়ৰ পিছত জীতেন গগৈৰ প্ৰতিক্ৰিয়া

দুই প্ৰাক্তন বিধায়ক জীতেন গগৈ আৰু কুশল দুৱৰীৰ লগতে আন তিনিগৰাকী লোকক দুবছৰৰ কাৰাদণ্ডৰ লগতে পাঁচহাজাৰকৈ জৰিমনা বিহে আদালতে৷ ২০০৯ চনৰ ১৭ মাৰ্চ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখ ফৰেষ্ট গেটেৰে প্ৰাক্তন বিধায়কদ্বয় জীতেন গগৈ আৰু কুশল দুৱৰীসহ এটা দলে তিনিখন জীপচী লৈ অনাধিকাৰ প্ৰৱেশ কৰি ঘিলাধাৰি ডুবিত মাছ মৰাৰ সময়ত ফৰেষ্ট ৰেন্জাৰ ধৰণীধৰ বড়োৱে বাধা দিওতে বিধায়ক জীতেন গগৈৰ নেতৃত্বত যোৱা দলটোৱে AK 47 বন্দুকেৰে বন বিষয়াগৰাকীক ভাবুকি দিয়াৰ অভিযোগত গোচৰ তৰিছিল সেই সময়ৰ ৰেঞ্জাৰ ধৰনীধৰ বড়োৱে ৷

সুদীৰ্ঘ 13 বছৰৰ পিছত শনিবাৰে গোলাঘাটৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়ধীশে ২৭/৩৫ B ধাৰা, বন্যপ্ৰাণী সুৰক্ষা আইনৰ ৫১ (১) ৰ অধীনত আদালতে শাস্তি প্ৰদান কৰে৷ সেই গোচৰৰ ভিত্তিত প্ৰাক্তন বিধায়ক জীতেন গগৈ আৰু কুশল দুৱৰীৰ লগতে তৰুন বৰা, ডম্বৰুধৰ গগৈ আৰু বাবু গগৈকো মহামান্য আদালতে শাস্তি বিহে (Court punished Jiten Gogoi of imprisonment)৷

আনহাতে, ন্যায়ালয়ে দোষী সাব্যস্ত কৰা বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি উল্লেখ কৰে (Jiten Gogoi reaction on conviction)৷

লগতে পঢ়ক: জিতেন গগৈ আৰু কুশল দুৱৰীক দুবছৰৰ কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.