ETV Bharat / state

Illicit love affair : পৰকীয়া প্ৰেমৰ বাবে উত্তপ্ত কমাৰবন্ধা আৰক্ষী চকী - Tension over illicit love

গোলাঘাটৰ কমাৰবন্ধা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি (Tension over illicit love)। দুই পুৰুষ-মহিলাক কঠোৰ শাস্তিৰ দাবী পৰিয়ালৰ লোকৰ । স্বামী আৰু সন্তানক এৰি বিবাহিত যুৱকৰ সৈতে পলাই গৈছিল মহিলা । মহিলা আৰু যুৱকজনৰ পৰিয়ালে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

Illicit love affair
পৰকীয়া প্ৰেমৰ বাবে উত্তপ্ত কমাৰবন্ধা আৰক্ষী চকী
author img

By

Published : Feb 24, 2023, 2:18 PM IST

পৰকীয়া প্ৰেমৰ বাবে উত্তপ্ত কমাৰবন্ধা আৰক্ষী চকী

গোলাঘাট,২৪ ফেব্ৰুৱাৰী : গোলাঘাটত পৰকীয়া প্ৰেমে থানবান কৰিলে দুটাকৈ সুখী পৰিয়াল (Illicit love affair at Golaghat)। স্বামী আৰু ১০ বছৰীয়া সন্তানক এৰি পলাই গ'ল মহিলা । চকু মুদী বিশ্বাস কৰা পত্নীক প্ৰৱঞ্চনা কৰি স্বামীয়ে পলাই লৈ গ'ল সন্তানৰ মাতৃক । ঘটনাক লৈ দুয়োটা পৰিয়ালৰ মাজত তীব্ৰ উত্তেজনা । পৰকীয়া প্ৰেম নামৰ নাটকৰ নায়ক-নায়িকাক এশিকনি দিয়াৰ বাবে কমাৰবন্ধা আৰক্ষী চকীত উপস্থিত দুয়োটা পৰিয়াল । অৱশ্যে আৰক্ষীৰ হস্তক্ষেপত কোনো মতে ৰক্ষা পৰিল নায়ক-নায়িকা ।

বৃহস্পতিবাৰে গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি (Tense situation at Kamarbondha Police station)। এনে পৰিস্থিতিৰ মূলতে হ'ল ১০ বছৰীয়া কন্যা সন্তানৰ এগৰাকী মাতৃ আৰু অপ্ৰিম কোঁৱৰ নামৰ এজন বিবাহিত যুৱক । দুয়োগৰাকীৰে মাজত আছিল অবৈধ প্ৰেম । যাৰ বাবে দুয়ো শেহতীয়াকৈ নিজৰ বৈবাহিক সংসাৰ এৰি পলাই গৈছিল । পাছত কমাৰবন্ধা আৰক্ষীয়ে দুয়োগৰাকীকে আটক কৰে । লগে লগে থানাত উপস্থিত হয় দুয়োটা পৰিয়াল ।

মহিলাগৰাকীৰ স্বামীয়ে জনোৱা মতে এই অবৈধ সম্পৰ্কৰ কথা তেওঁ গম পোৱাৰ পাছতে মাকৰ ঘৰত থৈ আহিছিল মহিলাগৰাকীক । মাতৃৰ পৰিয়ালক বিষয়টো অৱগত কৰি মহিলাগৰাকীক বুজাই-বঢ়াই পুনৰ ঘৰলৈ অনাৰ কথা আছিল । তেওঁলোকৰ এটি ১০ বছৰীয়া কন্যা সন্তানো আছে । কিন্তু মহিলাগৰাকীৰ বাবে পৰকীয়া প্ৰেমে ডাঙৰ হ'ল । যাৰ বাবে স্বামী আৰু কন্যা সন্তানক এৰি অপ্ৰিম কোঁৱৰ নামৰ যুৱকজনৰ সৈতে পলাই যায় ।

মাতৃয়ে এনেদৰে আন পুৰুষৰ সৈতে পলাই যোৱা দেখি কান্দোনত ভাগি পৰিছে ১০ বছৰীয়া কন্যা সন্তান । তেনে মাতৃ নালাগে বুলিও ক্ষোভ প্ৰকাশ কৰিছে কণমানি কিশোৰীজনীয়ে । পত্নীয়ে এনেদৰে আন পুৰুষৰ সৈতে পলাই যোৱা কাৰ্যক সহজভাৱে ল'ব পৰা নাই আকৌ দুৰ্ভগীয়া স্বামী জোনটি বৰাই ।

ইফালে অপ্ৰিম কোঁৱৰো বিবাহিত । অপ্ৰিম কোঁৱৰে এনে কৰ্মত লিপ্ত হোৱাৰ কথা পত্নীয়ে কেতিয়াও জনা নাছিল । থানাত উপস্থিত হৈ অপ্ৰিমৰ পত্নীয়ে কোৱা মতে তেওঁ স্বামীক অত্যন্ত বিশ্বাস কৰিছিল । কেতিয়াও সন্দেহ কৰা নাছিল । কিন্তু সেইগৰাকীকে পত্নীৰ লগতে এনেদৰে বিশ্বাসঘাতকতা কৰাত এতিয়া ক্ষোভিত হৈ পৰিছে পত্নী । সেয়ে তেওঁ অপ্ৰিমৰ সৈতে বিবাহ-বিচ্ছেদৰ সিদ্ধান্ত লৈছে ।

ইয়াৰ মাজতে আকৌ বোৱাৰী পলাই লৈ যোৱা অপ্ৰিম কোঁৱৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কৰিছে একাংশ স্থানীয় লোকে । একাংশ লোকে দাবী কৰা মতে অপ্ৰিম এটা চোৰ । গৰু, ছাগলীৰ পৰা আৰম্ভ কৰি ঘৰৰ জেওৰা পৰ্যন্ত চুৰি কৰি লৈ যায় অপ্ৰিমে । যাৰ বাবে অঞ্চলটোৰ ৰাইজ দীৰ্ঘদিন ধৰি অতিষ্ঠ হৈ আছে । অৱশ্যে এইবাৰে অপ্ৰিমক বোৱাৰী চোৰ আখ্যা দিলে স্থানীয় লোকসকলে ।

পলৰীয়া যুৱক আৰু মহিলাগৰাকীক অনাৰ পাছতে পৰিয়ালৰ লোক আৰু স্থানীয় লোকে কমাৰবন্ধা আৰক্ষী চকীত ভিৰ কৰে । আনকি দুয়োকে কঠোৰ শাস্তিৰো দাবী জনাই লোকসকলে ।

লগতে পঢ়ক :Tourists fall in love with Ambassador Car: এসময়ৰ আভিজাত্যৰ প্ৰতীক এম্বেছাদৰৰ প্ৰেমত বিদেশী পৰ্যটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.