বৰপথাৰ, 4 এপ্ৰিলঃ সমগ্ৰ দেশ তথা ৰাজ্যজুৰি চলি থকা লক ডাউনৰ ফলত লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে গোলাঘাট জিলাৰ বৰপথাৰৰ বহু নিবনুৱা যুৱক । ব্ৰইলাৰ মূৰ্গী পালনেৰে স্বাৱলম্বী হোৱা গোলাঘাট জিলাৰ বৰপথাৰৰ বহু নিবনুৱা যুৱকে এতিয়া হাত দিছে মূৰে কপালে । উল্লেখ্য যে, লক ডাউনৰ বাবে ব্ৰইলাৰ কোম্পানীয়ে ফাৰ্মসমূহত যোগান ধৰিব পৰা নাই দানা । ফলত দানাৰ অভাৱত খাবলৈ নাপাই মৃত্যুমুখত পৰিছে শ শ ব্ৰইলাৰ মুৰ্গী । ইয়াৰ ফলত এতিয়া প্ৰায় ৪০ৰ পৰা ৪৫ হাজাৰ টকা পৰ্যন্ত লোকচানৰ সন্মূখীন হৈছে ব্ৰইলাৰ মূৰ্গী পালনেৰে স্বাৱলম্বী হোৱা বৰপথাৰৰ কেইবাগৰাকীও যুৱক । উল্লেখ্য যে, লক ডাউনৰ পূৰ্বে তেওঁলোকে বজাৰত ১০০ টকাত ২ টাকৈ ব্ৰইলাৰ বিক্ৰী কৰিছিল ।
লগতে পঢ়কঃ আজিৰ মুখ্য সংবাদ