ETV Bharat / state

Diwali 2023: সেউজ দীপাৱলী উদযাপনৰ বাবে কাজিৰঙা অধ্যয়ন চক্ৰৰ বিশেষ পদক্ষেপ

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 8:21 PM IST

সেউজ দীপাৱলী পালনৰ বাবে আহ্বান কাজিৰঙা অধ্যয়ন চক্ৰ নামৰ সংগঠনটোৰ ৷ কাজিৰঙাৰ দুখনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সেউজ দীপাৱলীৰ সন্দৰ্ভত সজাগতা সভা অয়োজন কৰা হয় ৷

Diwali 2023
কাজিৰঙা অধ্যয়ন চক্ৰ নামৰ সংগঠনৰ ব্যতিক্ৰমী পদক্ষেপ

কাজিৰঙা, 12 নৱেম্বৰ : আজি পোহৰৰ উৎসৱ দীপাৱলী ৷ ফটকা বা আতবাজীৰে দীপাৱলী পালনৰ বিপৰীতে সেউজ দীপাৱলী পালনৰ বাবে আহ্বান কাজিৰঙা অধ্যয়ন চক্ৰৰ ৷ যাতে শব্দ আৰু বায়ু প্ৰদুষণ ৰোধ কৰিব পাৰি তাৰ সজাগতা সৃষ্টিৰ উদ্দ্যেশে কাজিৰঙাৰ দুখনকৈ বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত গছপুলি বিতৰণ কৰে সামাজিক-সাংস্কৃতিক-শৈক্ষিক অনুষ্ঠান কাজিৰঙা অধ্যয়ন চক্ৰই ৷

সংগঠনটোৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহা আৰু সমন্বয়ক ইন্দুপৱন শইকীয়াৰ নেতৃত্বত ওলাই অহা সংগঠনটোৰ কৰ্মকৰ্তাসকলে শনিবাৰে কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ আৰু দেওবাৰে কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সেউজ দিপাৱলীৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ৷ সেয়ে বিদ্যালয় দুখনৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত গছপুলিও বিতৰণ কৰে ৷

কাজিৰঙা অধ্যয়ন চক্ৰৰ সমন্বয়ক ইন্দুপৱন শইকীয়াই এই সন্দৰ্ভত কয় যে, পৰিৱেশ সুৰক্ষা কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে ৷ কেৱল নিয়মমাফিকভাৱে কিছু লোকে পৰিৱেশ সুৰক্ষাৰ শ্লোগান দিয়ে যদিও আমি সকলোৱেই আমাৰ নিজৰ পৰিৱেশটো পৰিষ্কাৰ কৰিব ৰাখিব লাগে ৷

এই ক্ষেত্ৰত সংগঠনটোৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই কয় যে, প্ৰদূষণৰ বাবে দেশৰ ৰাজধানী দিল্লীত বিদ্যালয়, মহাবিদ্যালয় বন্ধ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এনে পৰিস্থিতি যাতে আমাৰ ইয়াত নহয় তাৰ বাবে আমি উঠি অহা প্ৰজন্মই সজাগ সচেতন হ’ব লাগিব ৷

তেওঁ সেউজ দীপাৱলীৰ প্ৰসংগত কয় যে, পোহৰৰ উৎসৱ দীপাৱলীত সকলোকে আতচবাজীৰ পৰা আঁতৰি থাকি মাটিৰ চাকিৰে দীপাৱলী উদযাপন কৰিব লাগে ৷ ইফালে দুই এক আসোঁৱাহৰ বাহিৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020য়ে যে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ থল আছে বুলি ব্যক্ত কৰে সাহাই ৷ পোহৰৰ উৎসৱ দীপাৱলীৰ শুভকামনা জনাই দীপাৱলীত ফটকা-আতচবাজী পৰিত্যাগ কৰিবলৈ সকলো শিক্ষাৰ্থীকে আহ্বান জনায় সাহাই ৷

লগতে পঢ়ক;Raas Mahotsava: গোলাঘাটৰ আধাৰসত্ৰত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ লাই খুঁটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.