ETV Bharat / state

গোলাঘাটত পিঞ্জৰাবদ্ধ নাহৰফুটুকী - গোলাঘাট

এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ দীৰ্ঘদিনে গোলাঘাটৰ বিভিন্ন স্থানত ত্ৰাসৰ সৃষ্টি কৰি অৱশেষত বন বিভাগৰ জালত বন্দী হয় এটা নাহৰফুটুকী ৷

golaghat tiger captured
পিঞ্জৰাবদ্ধ নাহৰফুটুকী
author img

By

Published : Apr 5, 2020, 4:54 PM IST

গোলাঘাট,5 এপ্ৰিলঃ গোলাঘাটৰ নুমলীগড়ত দেওবাৰে পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী ৷ দীর্ঘদিনে নাহৰফুটুকী বাঘটোৱে 4 নং ৰংবঙত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । কেইবাটাও পৰিয়ালৰ পোহনীয়া গৰু-ছাগলী খাই ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকীটোৱে আক্ৰমণ কৰিছিল অঞ্চলটোৰ কেইবাজনো লোকক ৷ এসপ্তাহ পূৰ্বে বন বিভাগে পাতি থোৱা পিঞ্জৰাত অৱশেষত আৱদ্ধ হয় নাহৰফুটুকীটো । নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলবাসীয়ে । পিঞ্জৰাবদ্ধ বাঘটো চাবলৈ ভিৰ কৰে স্থানীয় ৰাইজে ।

পিঞ্জৰাবদ্ধ নাহৰফুটুকী

লগতে চাওকঃ আমগুৰিত এগৰাকী মহিলাক লৈ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.