গোলাঘাট, 4 আগষ্টঃ গোলাঘাটৰ বৰপাক অঞ্চলত মৰ্মান্তিক ঘটনা । আৰ্থিক অনাটন আৰু পুত্ৰৰ শাৰীৰিক অক্ষমতাৰ বাবেই আত্মহত্যাৰ পথ বাচি ল'লে মাতৃ-পুত্ৰই৷ দেওবাৰে পুৱা নিজ বাসগৃহতেই মাতৃ গংগা ছেত্ৰী আৰু পুত্ৰ ভূৰে ছেত্ৰীয়ে বিহ খাই আত্মহত্যাৰ চেষ্টা চলায়৷ পাচত মাতৃ গংগা ছেত্ৰীক সংকটজনক অৱস্থাত বোকাখাট চিভিল হাস্পতালত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়তে কৰুণ মৃত্যুক আঁকোৱালি লয় গংগা ছেত্ৰীয়ে ।
নিজৰ ১৪ বছৰীয়া পুত্ৰ ভূৰে ছেত্ৰী বিশেষ ভাৱে সক্ষম হোৱাৰ উপৰিও আৰ্থিক দৈন্যতাৰ বাবেই এনেদৰে মাতৃ পুত্ৰই একেলগে আত্মহননৰ দৰে চৰম সিদ্ধান্ত বাচি লয় বুলি সন্দেহ স্থানীয় লোকৰ ।