গোলাঘাট, 4 নৱেম্বৰঃ গোলাঘাটত আৰক্ষীয়ে মহিলাক অভব্য আচৰণ কৰাৰ লগতে ধন দাবী কৰা ভিডিঅ' চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত আৰক্ষী মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আৰক্ষী থানাৰ ভিতৰত ডকাইতৰ দৰে ধন সংগ্ৰহ কৰা ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পদ্মেশ্বৰ সাউদক গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছে । এই ঘটনা পোহৰলৈ অহাৰ পিছত ঘটনা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰে আৰম্ভ কৰিছে তদন্ত ।
আনহাতে, ঘটনা সন্দৰ্ভত ভাৰপ্ৰাপ্ত বিষয়া পদ্মেশ্বৰ সাউদে ধন দাবী কৰা বিষয়টো অস্বীকাৰ কৰি ছাগলীৰ মূল্যহে বিচাৰিছিল বুলি মন্তব্য কৰে । ঘটনাৰ সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰে তদন্ত অব্যাহত ৰাখিছে । গোলাঘাট আৰক্ষীয়ে এইজন দুৰ্নীতিগ্ৰস্থ আৰক্ষী বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।