গোলাঘাট,7 ডিচেম্বৰঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্য উত্তাল হোৱাৰ সময়তে ভূতৰ দানহ পৰা দি দৰে বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত আছে ৷ শনিবাৰে গোলাঘাটৰ 39নং ৰাষ্ট্ৰীয় ঘাইপথত জাক জাক বন্যহস্তীৰ বিচৰণ। যাৰফলত বহুসময় ধৰি ব্যাহত হৈ পৰে যাতায়ত। 39 নং ৰাষ্ট্রীয় ঘাইপথত এটা বৃহৎ বন্য হস্তীৰ জাকে ৰাজপথেদি পাৰ হোৱাৰ সময়তে আবদ্ধ হৈ পৰে শতাধিক যানবাহন ৷

এই ঘটনা সংঘটিত হয় গোলাঘাট 39 নং ৰাষ্ট্রীয় ঘাইপথৰ মুৰফুলনী অঞ্চলত। এটা বৃহৎ বন্য হস্তীৰ জাকটোৱে বিগত কেইবামাহ ধৰি অভয়জান,থুৰামুখ,নাহৰবাৰী আদি অঞ্চলত উপদ্ৰৱ চলাই আহিছে। বন্যহস্তীৰ জাকটোৱে পথাৰৰ ধান খাই গচকু তহিলং কৰাৰ ফলত বিস্তৰ ক্ষতিসাধন হয় গঞা ৰাইজৰ ৷ নিশাটো বাদেই দিনৰ ভাগটো জনাঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে। বৰ্তমান স্থানীয় লোকসকলে হাতীৰ জকটোক খেদি পঠিয়াবলৈ সক্ষম হয়।
হাতীৰ জাকটো 39 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি প্ৰৱেশ কৰে নামবৰ বনাঞ্চলত। হাতীৰ জাকটোৱে ঘাইপথ অতিক্ৰম কৰাৰ ফলত বহু সময় ধৰি যাতায়ত ব্যাহত হৈ পৰে ঘাইপথটোৰে। হাতীৰ জকটো চাবলৈ অসংখ্য লোকে ভিৰ কৰাৰ লগতে কেবাগৰাকীও বিদেশী যাত্ৰীয়েও গাড়ীৰ পৰা নামি প্ৰত্যক্ষ কৰে বন্যহস্তী। এনেদৰে এতিয়া দিনে নিশাই গোলাঘাটত অব্যাহত আছে জাক জাক বন্যহস্তীৰ মুক্ত বিচৰণ ।
লগতে পঢ়কঃবকোত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন