ETV Bharat / state

গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ প্ৰস্তুতি তুংগত

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 4:24 PM IST

গোলাঘাট গ্ৰন্থ মেলা আৰু সাহিত্য সমাৰোহ ২০২৩ প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ। সমাগম ঘটিব ৰাজ্যৰ আগশাৰীৰ কেইখন গ্ৰন্থ বিপনীৰ লগতে কলিকতা, দিল্লী, আৰু হাৰিয়ানাৰ গ্ৰন্থ বিপনীৰ ।

Golaghat Book Fair 2023
গোলাঘাট গন্থমেলা
গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদমেল

গোলাঘাট, 27 নৱেম্বৰ : 29 নৱেম্বৰৰ পৰা গ্ৰন্থৰ সুবাসেৰে জীপাল হ’ব গোলাঘাট ৷ গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ খেলপথাৰত অনুস্থিত হ’ব গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2023 ৷ 29 নৱেম্বৰৰ পৰা 6 ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা ৷ গ্ৰন্থমেলাত প্ৰায় শতাধিক গ্ৰন্থৰ বিপণি থাকিব বুলি উল্লেখ কৰে উদযাপন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ভূঞাই ৷

সোমবাৰে গ্ৰন্থমেলাৰ বাকৰিত এক সংবাদমেল সম্বোধন কৰে উদযাপন সমিতিৰ সভাপতিগৰাকীয়ে ৷ সংবাদমেলত তেওঁ জানিবলৈ দিয়ে যে, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত, সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা, বিভিন্ন দল-সংগঠনৰ সহযোগত অনুস্থিত হ’ব লগা গ্ৰন্থমেলাখনি 29 নৱেম্বৰত শুভ উদ্বোধন কৰিব অসম চৰকাৰৰ বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়ক অজন্তা নেওগে ৷ এই শুভ উদ্বোধনী অনুষ্ঠানত নগৰৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় 5,000 ছাত্ৰ-ছাত্ৰীয়ে সেউজ কোঁৱৰ পৰাগধৰ চলিহা ৰচিত 'পোহৰ বিচাৰি যাওঁ' গীত পৰিৱেশন কৰিব ৷

ইফালে 1 ডিচেম্বৰত নাৰীৰ দিন উদ্ধোধন কৰিব কৃষি মন্ত্ৰী অতুল বৰাই ৷ 2 ডিচেম্বৰত সমন্বয়ৰ দিন, 3 ডিচেম্বৰত শিশুৰ দিন অনুষ্ঠানৰ সমান্তৰালভাৱে 2 ডিচেম্বৰত গ্ৰন্থমেলাস্থলীত উপস্থিত হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আন আন সাংস্কৃতিক আৰু বৌদ্ধিক প্ৰতিযোগিতাৰ লগতে সদৌ অসম ভিত্তিত মহিলা দিহানাম প্ৰতিযোগিতা, কবিতা আবৃত্তি, প্ৰাৰ্থনা প্ৰতিযোগিতা অনুস্থিত হ’ব গ্ৰন্থমেলাস্থলীত৷ এই গ্ৰন্থমেলাত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ নেতা, বিশিষ্ট লেখক, বুদ্ধিজীৱিৰ সমাৱেশ ঘটিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে ৷ গ্ৰন্থমেলাখনিত সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে ৷

লগতে পঢ়ক : বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰিল বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.