ETV Bharat / state

গোলাঘাটৰ নুমলীগড়ত বন্যহস্তীৰ তাণ্ডৱ অব্যাহত

বন্যহস্তীৰ ত্ৰাসত ত্ৰস্তমান নুমলীগড়বাসী। নুমলীগড়ৰ পুৰাবঙলাৰ পাৰ্বতিপুৰত খেতিপথাৰ তহিলং কৰিলে বনৰীয়া হাতীৰ বৃহৎ জাকে। হাতী খেদাত ব্যৰ্থ বন কৰ্মী।

গোলাঘাটৰ নুমলীগড়ত বন্যহস্তীৰ তাণ্ডৱ অব্যাহত
গোলাঘাটৰ নুমলীগড়ত বন্যহস্তীৰ তাণ্ডৱ অব্যাহত
author img

By

Published : Oct 16, 2020, 4:49 PM IST

নুমলীগড়, 16 অক্টোবৰ: গোলাঘাটৰ নুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। প্ৰতিদিনে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰে বনৰীয়া হাতীয়ে। নুমলীগড়ৰ পুৰাবঙলাৰ পাৰ্বতিপুৰত বন্যহস্তীৰ বৃহত্ জাকে শস্য খাই,গচকি তহিলং কৰিলে খেতিপথাৰ।

গোলাঘাটৰ নুমলীগড়ত বন্যহস্তীৰ তাণ্ডৱ অব্যাহত

নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথতো মুক্ত বিচৰণ কৰে বন্যহস্তীয়ে। পাৰ্বতীপুৰ আৰু বকিয়ালৰ কৃষি পথাৰতো হাতীয়ে নিতৌ তাণ্ডৱ চলায়। সঁজাল ধৰা ধান গচকি তহিলং কৰাত নিৰাশ হৈ পৰিছে দৰিদ্ৰ কৃষক। হাতীৰ উপদ্ৰৱত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ।

আনহাতে অশেষ চেষ্টা কৰিও হাতী খেদিবলৈ সক্ষম হোৱা নাই বন কৰ্মী। কৃষকে আশাৰে কৰা শালি ধানৰ ২০ বিঘা কৃষিভূমি তহিলং কৰিলে বন্যহস্তীয়ে।বন্যহস্তীৰ এই ভয়াৱহ সমস্যা সমাধান নোহোৱাত উপায়হীন হৈ পৰিছে স্থানীয় ৰাইজ।

লগতে পঢ়ক:কলিয়াবৰত ৰাজ‍্যিক যুৱ জনতা মৰ্চাৰ প্ৰথমখন কাৰ্য‍নিৰ্বাহক সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.