গোলাঘাট,7 ডিচেম্বৰঃ শুকুৰবাৰে গোলাঘাটৰ মহেশ্বৰী বিবাহ ভৱনত সম্পন্ন হৈছে এইখন মাৰোৱাৰী সম্প্ৰদায়ৰ বিবাহ । কইনা গোলাঘাটৰ বিন্দীয়া মহেশ্বৰী আৰু দৰা যোৰহাটৰ সুৰেন্দ্ৰ মালানী । এওঁলোকৰ মাজত সম্পন্ন হোৱা এই বিবাহখন বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিল । গোলাঘাটৰ এই বিয়াখনে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । কাৰণ সম্পূৰ্ণ অসমীয়া সাজ পোছাক পৰিধান কৰিছে মাৰোৱাৰী সম্প্ৰদায়ৰ কইনাগৰাকীয়ে, কেৱল কইনাই নহয় কইনাৰ পৰিয়ালৰ সকলো মানুহ, কণমানি কিশোৰীৰ পৰা আৰম্ভ কৰি শুভাকাংক্ষীলৈকে সকলোৱে পৰিধান কৰিছে অসমীয়া চাদৰ-মেখেলা৷
বিয়াখন মাৰোৱাৰী সম্প্ৰদায়ৰ; কিন্তু পিন্ধনত সম্পূৰ্ণ পৰম্পৰাগত অসমীয়া সাজ-পাৰ
সম্পূৰ্ণ অসমীয়া সাজ পোছাকত মাৰোৱাৰী সম্প্ৰদায়ৰ কইনা । কেৱল কইনাই নহয় ৷ কইনাৰ পৰিয়ালৰ সকলো মানুহ, কণমানি কিশোৰীৰ পৰা আৰম্ভ কৰি শুভাকাংক্ষীলৈকে সকলোৱে পৰিধান কৰিছে অসমীয়া চাদৰ-মেখেলা ৷
গোলাঘাট,7 ডিচেম্বৰঃ শুকুৰবাৰে গোলাঘাটৰ মহেশ্বৰী বিবাহ ভৱনত সম্পন্ন হৈছে এইখন মাৰোৱাৰী সম্প্ৰদায়ৰ বিবাহ । কইনা গোলাঘাটৰ বিন্দীয়া মহেশ্বৰী আৰু দৰা যোৰহাটৰ সুৰেন্দ্ৰ মালানী । এওঁলোকৰ মাজত সম্পন্ন হোৱা এই বিবাহখন বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিল । গোলাঘাটৰ এই বিয়াখনে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । কাৰণ সম্পূৰ্ণ অসমীয়া সাজ পোছাক পৰিধান কৰিছে মাৰোৱাৰী সম্প্ৰদায়ৰ কইনাগৰাকীয়ে, কেৱল কইনাই নহয় কইনাৰ পৰিয়ালৰ সকলো মানুহ, কণমানি কিশোৰীৰ পৰা আৰম্ভ কৰি শুভাকাংক্ষীলৈকে সকলোৱে পৰিধান কৰিছে অসমীয়া চাদৰ-মেখেলা৷
Body: যি সময়ত একাংশ অসমীয়া যুৱতী মহিলাই অসমীয়া সমাজৰ পৰম্পৰা, সংস্কৃতি পৰিহাৰ কৰি পশ্চিমীয়া সংস্কৃতিক আদৰি লৱ ধৰিছে তেনে সময়তে গোলাঘাটৰ এক সম্প্ৰদায়ৰ মহিলাই দেখুৱালে অসমীয়া সংস্কৃতিৰ এক উৎকৃষ্ট নিদৰ্শন । গোলাঘাটৰ মহেশ্বৰী বিবাহ ভৱনত সম্পন্ন হৈছে এইখন মাৰোৱাৰী সম্প্ৰদায়ৰ বিবাহ । কইনা গোলাঘাটৰ বিন্দীয়া মহেশ্বৰী আৰু দৰা যোৰহাটৰ সুৰেন্দ্ৰ মালানী । এওঁলোকৰ মাজত সম্পন্ন হোৱা এই বিবাহ খন বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিল । শুকুৰবাৰে নিশা সম্পন্ন হোৱা এই বিবাহ খনত উপস্থিত হোৱা মাৰোৱাৰী সম্প্ৰদায়ৰ মহিলা সকলে দেখুৱালে অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ অন্য এক নিদৰ্শন । তেওঁলোকে স্পষ্টকৈ কলে " আমি অসমীয়া, অসমত আছো অসমতে ডাঙৰ দীঘল হৈছো ,গতিকে অসমীয়া সংস্কৃতি আমি আদৰি লৈছো ।
ইফালে কইনা বিন্দীয়া মহেশ্বৰীয়ে স্পষ্ট ভাষাত কলে ,"আমি অসমত জন্ম হৈছো ,অসমীয়া ভাষাত কথা বাৰ্তা কৰো , বিবাহৰ দিনটোত অসমীয়া সাজ পৰিধান কৰাৰ বহুত ইচ্ছা আছিল । আজি সেই ইচ্ছা পূৰণ হৈছে । আজি মোৰ সচাকৈয়ে বৰ ভাল লাগিছে ।"
গোলাঘাটৰ এই বিয়া খনে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । যি সময়ত অসমীয়া ভাষা সংস্কৃতিক লৈ একাংশই উদ্ভট মন্তব্য আগবঢ়াই ভাতৃ ঘাটি সংঘৰ্ষ লগোৱাৰ চেষ্টা অব্যাহত ৰাখিছে তেনে সময়তে গোলাঘাটৰ এই সকল মাৰোৱাৰী মহিলাই সমন্বয় আৰু সম্প্ৰীতিৰ এক জ্বলন্ত উদাহৰণ দাঙি ধৰিলে । অসমীয়া সংস্কৃতি, পৰম্পৰা ৰক্ষা কৰি কোনোৱে,পাটৰ চাদৰ মেখেলা, কোনোৱে মূগাৰ চাদৰ মেখেলা পৰিধান কৰিলে । সচাকৈয়ে প্ৰশংসাৰ পাত্ৰ নহয়নে । এইখন ব্যতিক্ৰমী বিয়াৰ পৰিয়ালবৰ্গ আৰু উপস্থিত মহিলা সকল ।Conclusion:Byte 1 : কইনা
Byte 2,3 : অতিথি
Byte 4 : মাতৃ
গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম