গোলাঘাট, 21 আগষ্টঃ গোলাঘাট জিলাৰ মিলনপুৰৰ এটা দুখীয়া পৰিয়াল ৷ দীৰ্ঘ দিন ধৰি শয্যাগত মানিক বৰা নামৰ লোকজন ৷
বিগত পাঁচ বছৰ ধৰি ছালৰ এক জটিল ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছে মানিক বৰা । গাঁঠিৰ ধন ভাঙি লগতে ৰাইজৰ সহায়েৰে বহু চিকিৎসা কৰালে , কিন্তু একো সুফল নাপালে মানিক বৰাই । ঘৰৰ ভেটিটোৰ বাদে বৰ্তমান একো নাই পৰিয়ালটোৰ । ছবছৰীয়া আৰু এঘাৰ বছৰীয়া দুই সন্তানৰ চোৱাচিতা আৰু ৰোগীয়া স্বামীৰ পৰিচৰ্যা কৰা একমাত্ৰ পত্নীয়ে দিন হাজিৰা কৰি পৰিয়ালটো চলাই আহিছে । চৰকাৰী আঁচনিৰ পৰা বহু নিলগত পৰিয়ালটো ৷ অৱশেষত শয্যাগত মানিক বৰাক সুস্থ কৰি তুলিবলৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে বৰাৰ আত্মীয়ই ৷