গোলাঘাট, 13 জুলাই : সোমবাৰে গোলাঘাটত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হয় এজন যুৱকৰ । যুৱকজনৰ নাম উত্তম দাস আৰু তেওঁৰ ঘৰ গোলাঘাটৰ এৰেংগাপাৰা নৰাগাঁৱত আছিল বুলি জানিব পৰা গৈছে ৷ কেইবাদিনৰ পৰা যুৱকজন জ্বৰ,কাঁহত ভুগি আছিল। স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ নিয়া অৱস্থাতে মৃত্যু হয় যুৱকজনৰ । জিলাখনৰ ভিতৰতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা এইটো প্ৰথম ঘটনা ।
উল্লেখ্য যে, গোলাঘাট প্ৰশাসনে কৰ’ণাত আক্ৰান্ত হৈ যুৱকজনৰ মৃত্যু হোৱা বুলি স্পষ্ট কৰে । জানিব পৰা মতে, গোলাঘাট নগৰৰ এখন ফাৰ্মাচীত কৰ্মৰত আছিল যুৱকজন ।
কৰ’ণাক লৈ এতিয়া জিলা প্ৰশাসনে বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিছে। গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে জানিবলৈ দিয়া মতে,উক্ত যুৱকজনে যোৱা 7 জুলাই তাৰিখে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছিল আৰু চিকিৎসকে তেওঁক মেডিচিন বিভিগত ভৰ্তি কৰি স্বাৱ লোৱাৰ উপৰিও ঔষধ প্ৰদান কৰে ।
ইয়াৰ পিছত পৰিয়ালৰ লোকে যুৱকজনক ঘৰলৈ নি নিজেই চিকিৎসাৰ ব্যৱস্থা কৰিছিল । পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত পুনৰ চিকিৎসালয়লৈ যোৱা হয় যদিও তেওঁক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । কিন্তু যোৰহাটত লৈ গৈ থকাৰ সময়তে আধা বাটতে মৃত্যু হয় যুৱকজনৰ । ইতিমধ্যে প্ৰশাসনে মৃত যুৱকজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।
লগতে পঢ়ক : হোজাইত পথৰ দাঁতিত উদ্ধাৰ মৃতদেহ