বৰহোলা, 30 মে’ : বৰহোলাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল এক ব্যতিক্ৰমী পৰ্যায়ৰ ফেশ্বন শ্ব’ ৷ কণ কণ শিশু সকলে জনজাতীয় সাজপাৰ পিন্ধি অংশ ল’লে এই ফেশ্বন শ্ব’ত ৷ ৰাইজৰ সঁহাৰি দেখি অভিভূত হৈ পৰিল ফেশ্বন শ্ব’ৰ উদ্যোক্তা (Fashion show in Borhola) ৷
বৰহোলা অঞ্চলৰ প্রতিভাবান শিশু সকলক এক মঞ্চ দিয়াৰ উদ্দেশ্য এই পৰম্পৰাগত সাজ পাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় (Borhola fashion show with traditional dress) । সমগ্ৰ ভাৰতবৰ্ষকে ধৰি অসমতো পশ্চিমীয়া দেশসমূহৰ কলা সংস্কৃতিয়ে আগুৰি ধৰাৰ সময়তে বৰহোলা বাসী ৰাইজে আয়োজন কৰিলে কৰিলে এক ব্যতিক্ৰমী পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা ।
সম্পূৰ্ণ মিচিং ,বড়ো, আহোঁম , ৰাভা , মটক ,চুতীয়াকে ধৰি জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি ৰেম্পত খোজ কাঢ়িলে কণ কণ শিশু সকলে । এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱায়ে ৷
লগতে পঢ়ক: Laal Singh Chaddha trailer: ‘লাল সিং চাড্ডা’ৰ ট্ৰেইলাৰ মুকলি