যোৰহাট, 27 জুন : দুৰ্নীতিত লুতুৰি-পুতুৰি দেৰগাঁও পৌৰসভা, এই অভিযোগ উত্থাপন কৰা সংগঠনটোক উভতি ধৰিছে পৌৰপতিয়ে ৷ দুৰ্নীতিৰ প্ৰমাণ দিলে পৌৰপতিয়ে সম্বৰ্ধনা জনাব এই বিশেষ সংগঠনটোক । অসমৰ ভিতৰতে দুৰ্নীতিত লুতুৰি-পুতুৰি খোৱা এখন পৌৰসভাই হ'ল দেৰগাঁও পৌৰসভা, এই অভিযোগ উথাপন কৰিছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।
উক্ত অভিযোগৰ ভিত্তিতে মঙলবাৰে পৌৰপতিয়ে আয়োজন কৰে এখন সংবাদমেলৰ ৷ ছাত্ৰ মুক্তিয়ে দেৰগাঁও পৌৰসভা খনক দুৰ্নীতি কৰা বুলি প্ৰমাণ দিব পাৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক দেৰগাঁও পৌৰসভা কাৰ্যালয়লৈ মাতি আনি সম্বৰ্ধনা জনোৱা হ’ব বুলি এই সংবাদমেল সম্বোধন কৰি মন্তব্য প্ৰদান কৰে দেৰগাঁও পৌৰসভাৰ পৌৰপতি ৰূপাঞ্জলী বৰাই । লগতে পৌৰপতিগৰাকীয়ে কয় যে জনমানসত দেৰগাঁও পৌৰসভাক হেয় প্ৰতিপন্ন কৰিবৰ বাবে এনেধৰণৰ মনেসজা মন্তব্য প্ৰদান কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ লগতে পুনৰ তেওঁ কয় যে আজিৰ তাৰিখলকৈ কোনো ধৰণৰ দুৰ্নীতিত লিপ্ত হোৱা নাই দেৰগাঁও পৌৰসভা ।
উল্লেখ্য যে, যোৱা শনিবাৰে গোলাঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দেৰগাঁও পৌৰসভাত জাৱৰ নিষ্কাষণ , ট্ৰেড লাইচেন্সৰ লগতে বিভিন্ন ক্ষেত্ৰত বিয়াগোম দুৰ্নীতি সংঘটিত হৈছিল বুলি গোলাঘাটত এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰিছিল । মন কৰিবলগীয়া কথা যে দেৰগাঁও পৌৰসভাখনত দুৰ্নীতি হোৱা বুলি যি অভিযোগ ছাত্ৰ মুক্তিয়ে দাঙি ধৰিছে তাৰ পিছতো কিন্তু দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে এষাৰো মন্তব্য দিয়া নাই ! বিধায়ক হিচাপে এইখিনি তেওঁৰ কৰণীয় বুলি মত প্ৰকাশ কৰিছে সচেতন ৰাইজে ।
লগতে পঢ়ক : Assam govt inks deal with CDFD hyderabad:পূৰ্বোত্তৰ-দক্ষিণৰ চুক্তিয়ে ৰাজ্যত সূচনা কৰিব নতুন দিগন্তৰ