গোলাঘাট,3 ডিচেম্বৰঃ গোলাঘাটৰ কমাৰবন্ধাত অচিনাক্ত মৃতদেহ উদ্ধাৰ। কমাৰবন্ধা আৰু ফৰকাটিং ৰেল ষ্টেচনৰ মাজত ৰেল লাইনৰ কাষত উদ্ধাৰ হয় অৰ্ধগলিত মৃতদেহটো । প্ৰায় ৩৫ বছৰীয়া যুৱকজনৰ তিনি-চাৰি দিন পূৰ্বে মৃত্যু হোৱা বুলি অনুমান কৰিছে স্থানীয় লোকে।
ইপিনে কোনো লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই । উল্লেখযোগ্য যে, এগৰাকী ৰেলৱে চাফাই কৰ্মচাৰীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি ৰেলৱে আৰক্ষীক খবৰ দিয়ে । সম্প্ৰতি ঘটনাস্থলীত ৰেলৱে আৰক্ষী আৰু স্থানীয় থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।