ETV Bharat / state

ধনশিৰি নৈত উপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

author img

By

Published : Jun 28, 2022, 8:38 PM IST

বোকাখাতৰ অগৰাতলিৰ ধনশিৰি নৈত উপঙি থকা অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ(Dead body recovered at Dhanshiri river in Bokakhat) ৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটি গোলাঘাটলৈ প্ৰেৰণ ৷

Dead body recovered at Dhanshiri river in Bokakhat
ধনশিৰি নৈত উপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

বোকাখাত, 28 জুন : বোকাখাতত বানৰ ভয়াৱহতা নাই যদিও বিগত কেইদিনমান ধৰি হোৱা হোৱা নেৰানেপেৰা বৰষুণৰ বাবে উপনৈ সমূহৰ জলস্তৰ বৃদ্ধি পাইছে ৷ ইফালে, বোকাখাতত নৈৰ পানী ওফন্দি পৰাৰ ফলত মঙলবাৰে এজন লোকৰ মৃত্যু হয়(Dead body recovered at Dhanshiri river in Bokakhat) ৷

বোকাখাতৰ অগৰাতলি বনাঞ্চলৰ ছিগা বনশিবিৰৰ সমীপৰ ভেলগুৰিত মৰিধনশিৰি নদীত পৰি মৃত্যু হয় লোকজনৰ ৷ মৃত লোকজনৰ নাম শংকৰ চাহানী (৫২)বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, বান অধ্যুষিত অঞ্চলটোত পুত্ৰ আৰু বোৱাৰীয়েকৰ সৈতে বাস কৰা শংকৰ চাহানীয়ে বিয়লি সময়ত বজাৰ কৰিবলৈ বুলি ওলাই আহিছিল ৷ ইয়াৰ পিছতে বহু সময় ধৰি লোকজন সন্ধানহীন হৈ থকাত নদীৰ সোঁতে লোকজনক উটুৱাই নিয়াৰ সন্দেহ প্ৰকাশ কৰে পুত্ৰই ৷

বিগত কেইদিনমান ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে মৰিধনশিৰি নদীখনত পানীৰে ওফন্দি পৰিছিল, যাৰ ফলত পানী বেছি হৈ থকাৰ বাবে শংকৰ চাহানীৰ পানীত পৰি মৃত্যু হোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ ৷

লোকজন সন্ধানহীন হৈ থকাৰ বাবে পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিছিল যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ কিন্তু অৱশেষত আহিল দুঃখবৰটো ৷

নদীৰ পানীত ওপঙি থকা অৱস্থাত অৱশেষত স্থানীয় লোকে প্ৰত্যক্ষ কৰে শংকৰ চাহানীৰ মৃতদেহ ৷ ইয়াৰ পিছতে বোকাখাত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে ৷ পানী বেছি থকাৰ বাবে এছোৱা নাৱেৰে, এছোৱা চাঙিৰে আনি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক : কৰুণ ! কৃত্ৰিম বানত ডুব গৈ ডেৰ বছৰীয়া শিশুৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.