ETV Bharat / state

বিধায়ক মৃণাল শইকীয়াই মুকলি কৰিলে ক'ভিড এম্বুলেঞ্চ - খুমটাইৰ বিধায়ক মৃনাল শইকীয়া

খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই গ্ৰহণ কৰিছে আদৰণীয় পদক্ষেপ । মহামাৰীৰ সংকট কালত প্ৰতিজন লোকে যাতে কিছু পৰিমাণে হ'লেও সকাহ লাভ কৰিব পাৰে তাৰ বাবে দেওবাৰে পুৱাই গৃহ সমষ্টিৰ যোগীবাৰীত মুকলি কৰে ক'ভিড এম্বুলেঞ্চ । ইয়াৰোপৰি, জিলাখনৰ ভিন্ন স্থানত থকা নামঘৰ, মছজিদ, এন জি অ আদিত অক্সিজেন চিলিণ্ডাৰ বিতৰণ কৰিব বিধায়কগৰাকীয়ে ।

Golaghat
বিধায়ক মৃনাল শইকীয়াই ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিলে ক'ভিড এম্বুলেঞ্চ
author img

By

Published : May 9, 2021, 8:43 PM IST

গোলাঘাট, ৯ মে': দ্বিতীয়বাৰৰ বাবে বিধায়ক পদত জয় লাভ কৰাৰ পাচতেই ৰাইজৰ স্বাৰ্থত সেৱা আগবঢ়ালে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই । দেওবাৰে পুৱা গৃহ সমষ্টিৰ যোগীবাৰীত মুকলি কৰে ক'ভিড এম্বুলেঞ্চ । প্ৰতি মূহুৰ্ততে প্ৰতি ক্ষণতে সমষ্টিবাসীক সহায় আগবঢ়াই অহা বিধায়ক মৃণাল শইকীয়াই এইবাৰ সমষ্টিবাসীৰ বাবে মুকলি কৰিলে ক'ভিড এম্বুলেঞ্চ । ইয়াৰোপৰিও, জিলাখনৰ ভিন্ন স্থানত থকা নামঘৰ, মছজিদ, এন জি অ আদিত অক্সিজেন চিলিণ্ডাৰ বিতৰণ কৰিব বিধায়কগৰাকীয়ে । যাতে তেওঁৰ এইকণ সহায়ে কোনো লোকৰ প্ৰাণ ৰক্ষা কৰিব পাৰে । মহামাৰী ক'ভিডৰ প্ৰথমটো পৰ্যায়তো শইকীয়াই ৰাইজৰ বাবে ক'ভিড এম্বুলেঞ্চ মুকলি কৰিছিল ।

বিধায়ক মৃনাল শইকীয়াই ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিলে ক'ভিড এম্বুলেঞ্চ

ইতিপূৰ্বেও, বিধায়ক মৃণাল শইকীয়াই এখন গাড়ীত ভ্ৰাম্যমান পাকঘৰৰ জৰিয়তে বানপীডি়ত ৰাইজক আহাৰ যোগান ধৰিছিল ৷ এইবাৰো ব্যতিক্ৰম নহয় বিধায়ক মৃণাল শইকীয়াৰ মহানুভৱতা । অতিমাৰীৰ সংকট কালত ৰাইজৰ বাবে আগবঢ়োৱা অক্সিজেনযুক্ত এম্বুলেঞ্চখন ৰাইজৰ বাবে উপযোগী হ'ব বুলি মন্তব্য কৰে শইকীয়াই । বিধায়কগৰাকীৰ এই কার্যক শলাগ লৈছে সাধাৰণ ৰাইজেও ৷

লগতে পঢ়ক: ন্যায়ৰ অপেক্ষাত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গ্ৰাহক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.