গোলাঘাট, 1 আগষ্ট : ৰাজ্যত এতিয়া ব্যাপকভাৱে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা। সমান্তৰালভাৱে গোলাঘাট জিলাৰ নুমলীগড়তো কৰ’ণা আক্ৰান্তৰ সংখ্যা অস্বাভাৱিকভাৱে বঢ়া পৰিলক্ষিত হৈছে । নুমলীগড়ৰ কাষৰীয়া মুৰফুলনীৰ লেটেকুবস্তি অঞ্চলত কৰ'ণাৰ গণ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নিৰ্মল উপাধ্যায় নামৰ এজন যুৱক প্ৰথমে আক্ৰান্ত হৈছিল ক’ভিড ১৯ত। তাৰ পিচতেই যুৱকজনৰ সংস্পৰ্শলৈ অহা গাঁওখনৰ প্ৰায় ৫৮ জন ব্যক্তিক পৰীক্ষা কৰাত এগৰাকী স্বাস্থ্য কৰ্মীসহ ২৭ জনৰ গাত ধৰা পৰিছে ক’ভিড ১৯ৰ অৱস্থিতি ।
আনহাতে,গাঁওখনত আক্ৰান্ত হোৱা লোকসকলৰ সংস্পৰ্শলৈ অহা প্ৰায় এশ জন লোকক বৰ্তমান পৰ্যন্ত কৰা হোৱা নাই পৰীক্ষা । যাৰ বাবে এতিয়া এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে গাঁওখনৰ লগতে ওচৰ চুবুৰীয়া অঞ্চল সমূহত । ইফালে বৰ্তমান গাঁওখনত উপস্থিত হোৱা নাই কোনো উচ্চ পদস্থ প্ৰশাসনৰ লোক ।
আনহাতে শেহতীয়াকৈ ৰাজ্যত চিনাক্ত হৈছে 1862 গৰাকী ক’ভিড 19 আক্ৰান্ত ব্যক্তি ৷ ৰাজ্যত ক’ভিড 19 আক্ৰান্তৰ সংখ্যাই ইতিমধ্য 40 হাজাৰ অতিক্ৰম কৰিছে ৷ ইয়াৰে 11088 গৰাকী বৰ্তমানেও চিকিৎসাধীন হৈ থকাৰ বিপৰীতে মৃত্যু ঘটিছে 98 গৰাকীৰ ৷
লগতে পঢ়ক : ETV Exclusive : ডিব্ৰুগড়ত পুনৰ হ’ব নেকি লক্ ডাউন !