গোলাঘাট,৯ ডিচেম্বৰ: গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আজি অনুষ্ঠিত ১৪খন আঁচনিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিয়েই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক ৰহঢলা পথাৰত দাৱনিৰ লগত ৰবাব টেঙা আৰু বৰালী মাছৰ জুতি লোৱাৰ পাছত উপস্থিত হয় গোলাঘাটৰ ঐতিহাসিক হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত(CM conversation with college students) ।
মহাবিদ্যালয়ত ছাত্ৰীৰ সৈতে অন্তৰঙ্গ আলাপৰ প্ৰথমতে এক ভাষণ প্ৰসঙ্গত সনাতন ধৰ্মত নাৰীক উচ্চ স্থান দিয়া কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । ছাত্ৰীসকলৰ সন্মুখত নাৰীৰ উচ্চ শিক্ষাৰ ওপৰত বিভিন্ন গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে । ছাত্ৰক ফেৰ মাৰি ছাত্ৰী আগবাঢ়ি যোৱাটো এটা গৌৰৱৰ বিষয় বুলি কয় ড৹ শৰ্মাই । নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰা অমৃতকালৰ অমৃত সন্তান আজিৰ শিক্ষাৰ্থীসকল বুলি তেওঁ উল্লেখ কৰে ।
২০৩০ চনত ভাৰত অৰ্থনৈতিকভাৱে তৃতীয় স্থানত থাকিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এইবাৰ নাকৰ মূল্যাংকনত A গ্ৰেড পোৱা মহাবিদ্যালয়ক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এইবাৰ বাজেটত এই বিষয়টো অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে । ইয়াৰ পাছতেই মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ লগত হোৱা অন্তৰঙ্গ আলাপৰ কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়ক: Assam Meghalaya Border Issue : অসম আৰু মেঘালয়ৰ সীমা চুক্তিত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ