ETV Bharat / state

মনিমাধৱ মহন্তৰ হৈ সৰুপথাৰত প্ৰচাৰ চন্দ্ৰমোহন পাটোৱাৰীৰ

শুকুৰবাৰে সৰুপথাৰত উপস্থিত হৈ কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্ত জয়ী হোৱাটো নিশ্চিত বুলি মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ । সৰুপথাৰত বহুকেইখন ঠাইত নিৰ্বাচনী কাৰ্যালয় মুকলি মন্ত্ৰীগৰাকী ৷

নিৰ্বাচনী প্ৰচাৰত চন্দ্ৰমোহন পাটোৱাৰীৰ
author img

By

Published : Apr 5, 2019, 8:03 PM IST

গোলাঘাট,5এপ্ৰিলঃ কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শুকুৰবাৰে সৰুপথাৰত উপস্থিত হয় অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ পাটোৱাৰীয়ে সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি বহুকেইখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰে ৷ বিগত সময়ছোৱাত কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ লোকসভা সমষ্টিত এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তই বিপুল ভোটত জয় লাভ কৰিব বুলি দাবী কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

নিৰ্বাচনী প্ৰচাৰত চন্দ্ৰমোহন পাটোৱাৰীৰ

আনহাতে নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ কৰ্মচাৰীসকলে শীঘ্ৰে দৰমহা পাব বুলিও মন্তব্য কৰে পাটোৱাৰীয়ে ৷ ইপিনে অসম-নগালেণ্ড সীমান্তত অসমৰ ভূমিত নগাৰ আগ্ৰাসন অব্যাহত থকাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম-নগালেণ্ড সীমান্তৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে আলোচনাত মিলিত হৈ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে |

Intro:কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ বিজেপি দলৰ মিত্ৰ জোটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি সৰুপথাৰত উপস্থিত হয় অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী | Body:পাটোৱাৰীয়ে সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি সৰু সৰু নিৰ্বাচনী সভা অনুস্থিত কৰে | বিগত সময়ছোৱাত কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ লোকসভা সমষ্টি এই বাৰ অগপ বিজেপি দলৰ মিত্ৰ জোটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তই বিপুল ভোটত জয় লাভ কৰিব বুলি দাবী কৰে |

নগাওঁ আৰু কাছাৰ কাগজ কল দুটা শীঘ্ৰ কৰ্মচাৰীসকলে দৰমহা পাব আৰু মিল দুটা উন্নতি হব | NCLT ত গোচৰ চলি থকাৰ বাবেহে তাক কাৰ্যকৰী কৰিব পৰা নাই |' এই মন্তব্য কৰিছে উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে | অাজি সৰুপথাৰলৈ কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মনি মাধৱ মহন্তৰ হৈ প্ৰচাৰ চলোৱা মন্ত্ৰীজনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এনেদৰে কয় |

অসম নগালেণ্ড সীমান্তত অসমৰ ভূমিত নগাৰ অগ্ৰাসন অব্যাহত থকাৰ সন্দৰ্ভত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম নগালেণ্ড সীমান্তৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত বৰ্তমানৰ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনে দুয়োখন ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে আলাপ আলোচনাৰ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তাৎপৰ্য পুৰ্ণ মন্তব্য কৰে |Conclusion:BYTE 1 :- CHANDRA MOHAN PATUWARI
BYTE :-2 CHANDRA MOHAN PATUWARI

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.