সৰুপথাৰ,16 এপ্ৰিলঃ'চোতালত ব'হাগী,যাবলৈ দিব কেনেকৈ পাৰি ?' লক ডাউনৰ মাজতো ৰঙালীক লৈ আনন্দ অসমবাসী ৰাইজৰ ৷ কাৰণ এইয়া যে অসমীয়াৰ স্বাভিমান ৷ বৰ্তমান সময়ৰ ভয়াৱহ আতংকৰ মাজতে আৰু গৃহবন্দী হৈ থকাৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ সদৰ সৰুপথাৰটো দেখা গৈছে ৰঙালীৰ উছাহ ৷ চৰকাৰী সকলো নীতি-নিৰ্দেশনাৰ মাজতে সৰুপথাৰৰ নাওজানৰ জয়াপথাৰত পালন কৰা হৈছে চেনেহৰ ব'হাগ বিহু ৷ জয়াপথাৰৰ ৰাইজে নিজৰ ঘৰৰ চোতালত তথা বাৰীৰ গছৰ তলত বিহু নাচি গীত গাই ৰক্ষা কৰিছে ঐতিহ্য ও পৰম্পৰা ৷
লগতে পঢ়কঃ অসমবাসীলৈ নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জুবিন গাৰ্গৰ