ETV Bharat / state

ধনশিৰি নাও দুৰ্ঘটনাঃসন্ধানহীন এজন - উদ্ধাৰকাৰ্য

সোমবাৰে দিনৰ ভাগত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ টেঙানী অঞ্চলত সংঘটিত হয় এক নাও দুৰ্ঘটনা ৷ 1নং টেঙানীৰ বাসিন্দা বিতুল গগৈ আৰু তেওঁৰ পত্নী জানমনি গগৈয়ে নাৱেৰে সৈতে ধনশিৰি নদী পাৰ হ'বলৈ লওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷

ধনশিৰি নাও দুৰ্ঘটনাত এজন সন্ধানহীন
author img

By

Published : Aug 12, 2019, 7:53 PM IST

সৰুপথাৰ, 12 আগষ্টঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত ধনশিৰি নদীত সোমবাৰে সংঘটিত হয় নাও দুৰ্ঘটনা ৷ বৰপথাৰ 1নং টেঙানী অঞ্চলৰ বাসিন্দা বিতুল গগৈ আৰু তেওঁৰ পত্নী জানমনি গগৈয়ে শাক-পাঁচলি সংগ্ৰহৰ বাবে নাৱেৰে নদী পাৰ হ'বলৈ লওতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷

ধনশিৰি নাও দুৰ্ঘটনাত এজন সন্ধানহীন

নদী পাৰ হ'বলৈ লওতেই অসাৱধানবশত জানমনি গগৈ পানীত পৰি যায় ৷ স্বামী বিতুল গগৈয়ে নদীত জাঁপ দি পত্নীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও নৈৰ সোঁতত নিজেই উটি যায় ৷ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিচতেই স্থানীয় লোকে বৰপথাৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লগতে ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বাহিনীৰ লোক ৷ স্থানীয় আৰক্ষীৰ সহযোগত ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বাহিনীয়ে নৈখনত উদ্ধাৰকাৰ্য চলায় যদিও বিতুল গগৈৰ সন্ধান উলিয়াবলৈ ব্যৰ্থ হয় ৷

Intro:ধনশিৰি মহকুমাৰ বৰপথাৰৰ টেঙানী অঞ্চলত আজি পুৱাৰ ভাগত সংঘটিত এক নাঁও দূৰ্ঘটনাত এজন লোক সন্ধানহীন হয় । জানিব পৰা মতে আজি পুৱা প্ৰায় ৯-৩০ বজাত ১ নং টেঙানীৰ বাসিন্দা বিতুল গগৈ (২৯) য়ে পত্নী জানমণি গগৈ (২৯) ৰ সৈতে নাৱেৰে ধনশিৰি নদী পাৰ হৈ শাক পাচলি সংগ্ৰহৰ বাবে যাওঁতে নাঁও দূৰ্ঘটনাটো সংঘটিত হয় ।
Body:প্ৰথম অৱস্থাত পত্নী জানমণি পানীত পৰি যায় আৰু তেওঁক উদ্ধাৰ কৰিবলৈ গৈ বিতুল নদীখনত নোহোৱা হয়। অৱশ্যে মহিলাগৰাকী দূৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰে । দূৰ্ঘটনাটোৰ খৱৰ তাৎক্ষণিক ভাৱে স্থানীয় লোকে বৰপথাৰ আৰক্ষীক অৱগত কৰায় । ঘটনাস্হলীত আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ লোক উপস্থিত হৈ সন্ধানহীন লোকজনক বিচাৰি নদীখনত অভিযান চলাই যদিও বাতৰি প্ৰস্তুত কৰা পৰলৈকে লোকজনৰ কোনো সন্ধান পোৱা নাই বুলি জানিব পৰা গৈছে ।Conclusion:সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.